নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চৌদিশে, আনন্দ-উছাহৰ ঢল বিশ্ববাসীৰ মাজত, চাওঁক VIDEO

নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি চৌদিশে, আনন্দ-উছাহৰ ঢল বিশ্ববাসীৰ মাজত, চাওঁক VIDEO
  • নৱবৰ্ষলৈ আৰু মাত্ৰ কেইটামান ক্ষণ বাকী।
  • সমগ্ৰ বিশ্ববাসীৰ মাজত আনন্দ-উচাহ বিৰাজ কৰিছে।
  • সকলোৱে উদযাপন কৰিছে চলিত বৰ্ষৰ শেষৰটো দিন।
  • লগতে সাজু হৈছে নৱবৰ্ষক আদৰিবলৈ।
  • সুজ্জিতভাৱে সজায় তোলা হৈছে সমগ্ৰ বিশ্বখনেই।
  • আতচবাজীৰে আকাশত ৰং-বিৰিঙৰ দৃশ্য উপভোগ কৰিছে বিশ্ববাসীয়ে।
  • নিজৰ পৰিয়াল, বন্ধু-বৰ্গৰ সৈতে সকলোৱে আতচবাজী চাইছে বিশ্বজুৰি।
  • নিউজিলেণ্ডৰ অক'লেণ্ডবাসী বৰ্তমান সাজু নৱবৰ্ষক আদৰিবলৈ।
  • আকাশত আতচবাজীত চকু থৰ হৈ ৰৈছে সকলোৰে।
  • অষ্ট্ৰেয়িলাৰ ছিডনীতো ব্যাপক আয়োজন কৰা হৈছে নৱবৰ্ষৰ বাবে।
  • পুৰণি বৰ্ষক বিদায় দি ২০১৯ত আদৰিবলৈ সাজু ছিডনীবাসী।
  • চাওঁক ছিডনীৰ এই মনমোহা ভিডিঅ'-
  • বিশ্ব আন আন প্ৰান্তৰ লগতে সমগ্ৰ ভাৰততে এতিয়া দেশবাসীয়ে ক্ষণ গণিছে নৱবৰ্ষৰ।
  • বিভিন্ন ৰঙৰ লাইটেৰে সুন্দৰভাৱে সজাই তোলা হৈছে দিল্লীৰ ইণ্ডিয়া গেট।
  • ইণ্ডিয়া গেটৰ সন্মুখত ৰৈ সকলোৱে উপভোগ কৰিছে আতচবাজী।
  • ইফালে, উত্তৰ কোৰিয়াৰ পয়ংগিয়াঙতো সকলো সাজু নৱবৰ্ষক আদৰিবলৈ।
  • আতচবাজী-ফটকা ফুটাই সকলোৱে আনন্দ-উচাহৰে উপভোগ কৰিছে এই সুখকৰ ক্ষণ।
  • চাওঁক উত্তৰ কোৰিয়াত নৱবৰ্ষৰ এই দৃশ্য-
  • ইফালে, মহাৰাষ্ট্ৰৰ মুম্বাই গেটৱে অৱ ইণ্ডিয়াত ভিৰ লাগিছে মুম্বাইবাসীৰ।
  • সকলোৱে উক্ত স্থানত উপস্থিত হৈছে নৱবৰ্ষক আদৰা এই ক্ষণত।
  • এই শীতৰ সময়ত অধিক ঠাণ্ডা বৃদ্ধি পাইছে হিমাচল প্ৰদেশত।
  • কিন্তু নৱবৰ্ষক উষ্ম আদৰণি জনাবলৈ সাজু হৈছে সকলো।
  • আনহাতে, নাগৰিকৰ ভিৰ বৃদ্ধি হোৱাৰ ফলত নিৰাপত্তা বেষ্টনী বৃদ্ধি কৰিব লগা হৈছে বাংগালুৰুত।
  • লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে বাংগালুৰুৰ ব্ৰিগেড ৰোডত।
  • বাংগালুৰুৰ ব্ৰিগেড ৰোডত আতচবাজী-ফটকা ফুটাই সকলোৱে আনন্দ-উচাহৰ মাজেৰে আদৰিবলৈ সাজু হৈছে ২০১৯ বৰ্ষক।
  • লগতে হংকঙতো ব্যাপক প্ৰস্তুতি নৱবৰ্ষক আদৰাৰ।
  • চৌদিশে ৰং-বিৰঙৰ লাইট, আতচবাজীৰে সুজ্জিত কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in