গংগাৰ বাবে ১১২ দিনীয়া অনশনেৰে প্ৰাণ উৎসৰ্গা অধ্যাপকৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ কানপুৰ আইআইটিৰ প্ৰাক্তন অধ্যাপক তথা গংগা নদীৰ নিৰ্মল প্ৰবাদ বোৰ্ডৰ অগ্ৰদূত স্বৰূপ অধ্যাপক জি ডি আগৰৱালে ১১২ দিনীয়া আমৰণ অনশনৰ অন্তত বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

অধ্যাপক আগৰৱালে যোৱা ২২ জুনৰ পৰা হৰিদ্বাৰত গংগা নদীৰ ওপৰত কৃত্ৰিম বান্ধৰ জৰিয়তে অবৰোধ সৃষ্টি কৰা কাৰ্যৰ বিৰোধিতা কৰি আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰিছিল। অধ্যাপক আগৰৱালে সকলো ধৰণৰ হাইড্ৰ'ইলেক্ট্ৰিক প্ৰজেক্ট বন্ধ কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল।

প্ৰায় ১১১ দিনীয়া অনশনৰ অন্তত অধ্যাপক আগৰৱালে মঙলবাৰৰ পৰা পানী পৰ্যন্ত পান কৰিবলৈ এৰি দিছিল। ইয়াৰ পিছতে হৃদযন্ত্ৰ বিকল হৈ বুধবাৰে অধ্যাপকগৰাকীৰ মৃত্যু ঘটে।

ইফালে, মৃত্যুৰ আগমুহূৰ্তত অধ্যাপক আগৰৱালে এটা সংবাদ মাধ্যমত প্ৰদান কৰা সাক্ষাত্কাৰত কৈছিল, "আমি প্ৰধানমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰালয়লৈ গংগা নদীত সৃষ্টি হোৱা সমস্যাক লৈ কেইবাখনো পত্ৰ প্ৰেৰণ কৰিছোঁ যদিও এখনৰো উত্তৰ আমাক নিদিলে। যাৰ বাবে মই অনশন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো। মই গংগা নদীৰ বাবে নিজকে বলিদান দিবলৈ সাজু। মোৰ মৃত্যু পৰ্যন্ত মই এই অনশন কাৰ্যসূচী ত্যাগ নকৰোঁ। জানোছা মোৰ মৃত্যুৱে পৰিৱৰ্তন আনেই!''

আনহাতে অধ্যাপক জিডী আগৰৱালৰ আমৰণ অনশন কালত তেওঁৰ অনশন ভংগ কৰিবলৈ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু দিগ্বজ নেতা ৰমেশ পোখৰিয়ালে কেইবাবাৰো চেষ্টা চলাইছিল যদিও বিফল হৈছিল।

উল্লেখ্য যে, পশ্চিম উত্তৰ প্ৰদেশৰ মুজফ্ফৰনগৰ জিলাৰ এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা জিডী আগৰৱালে চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক সম্পন্ন কৰি কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

তেওঁ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সদস্য সম্পাদক হিচাপেও মনোনীত হৈছিল। গান্ধীবাদী আদৰ্শৰে নিজকে প্ৰতিষ্ঠা কৰা আগৰৱালে ২০১১ চনত সন্যাস ধাৰণ কৰি নিৰ্মল প্ৰবাদ বোৰ্ডৰ সৈতে জড়িত হৈ গংগা নদীক পবিত্ৰ আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ স্বাৰ্থত নিজকে নিয়োজিত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in