এতিয়া কিয় ভীষণ ব্যস্ত জুবিন গাৰ্গ?

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ মিছন চাইনাৰ অভুতপূৰ্ব সফলতাৰ পাছতে অচিৰেই ছবিঘৰলৈ আহিব জুবিন গাৰ্গৰ বহু অপেক্ষিত ছবি 'কাঞ্চনজংঘা'। ইতিমধ্যেই ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে ছবিখনৰ।

অহা ১৫-১৬ ছেপ্তেম্বৰৰ ভিতৰতে বাকী থকা কামখিনিও সম্পূৰ্ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে জুবিনে। তেজপুৰৰ ডিপোটা নদীৰ পাৰৰ মনোমোহা স্থানত ছবিখনৰ এটা গীতৰ শ্বুটিঙত ব্যস্ত থকাৰ সময়ত জুবিনে জনায় যে, অহা ১৮ ছেপ্তেম্বৰত ছবিখনৰ তিনিটা গীত মুক্তি দিয়া হ'ব।

খবৰ অনুসৰি ছবিখনৰ মাথোঁ তিনিটা গীতৰ শ্বুটিঙহে বাকী আছে। তেজপুৰৰ ভিন্ন প্ৰান্তৰ গ্ৰাম্য পটভূমিত শ্বুটিং কৰা ছবিখনত ৰূপকোঁৱৰৰ কালজয়ী কবিতা 'কাঞ্চনজংঘা'ৰ সৰ্ম্পূণ আবৃত্তি কৰা হ'ব। মাঘ বিহুৰ পূৰ্বে মুক্তি পাবলগীয়া 'কাঞ্চনজংঘা'ৰ পূৰ্বে অহা ৫ অক্টোবৰত ছবিঘৰলৈ আহিব জুবিনৰ আন এখন ছবি 'আণ্ডাৰৱৰ্ল্ড'।

এই ছবিখনৰ প্ৰচাৰৰ পাছতে কাঞ্চনজংঘাৰ অন্তিম কামখিনিৰ বাবে জুবিন উৰা মাৰিব মুম্বাইলৈ। উল্লেখ্য যে, 'আণ্ডাৰৱৰ্ল্ড' ছবিখনত এটি মুখ্য চৰিত্ৰ ৰূপায়ণ কৰিছে প্ৰয়াত বিশিষ্ট অভিনেতা বিজু ফুকনেও। যি কি নহলেও, এতিয়া মাত্ৰ সাজু হওঁক, আহি আছে জুবিনৰ দুখনকৈ ছবি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in