/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/343510-sunny.jpg)
ডিজিটেল ডেস্কঃ বলিউদৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী। বলিউদত খোজ পেলোৱাৰে পৰা ছানী থমকি ৰ'ব লগা হোৱা নাই। ইখনৰ পাছত সিখন হিট ছবি উপহাৰ দি ছানী এতিয়া বলিউদৰ আগশাৰীৰ এগৰাকী অভিনেত্ৰী। বৰ্তমান কেইবাখনো ছবিৰ শ্বুটিঙত ব্যস্ত থকা ছানী শেহতীয়াকৈ হানী সিঙৰ সৈতে এটা গানৰ শ্বুটিঙো কৰি আছে। গানৰ নাম 'মছলী জলৰাণী হ্য'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/sunny1_0.jpg)
গানটোৰ শ্বুটিং হৈছে থাইলেণ্ডত। ইয়াৰ পূৰ্বেও হানী সিঙ আৰু ছানীক একেলগে দেখা গৈছিল হানীৰ এটা গানতে। যুৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় হৈছিল সেই গানটো। এই সফলতাৰ পাছতে এতিয়া পুনৰ একেলগে ছানী-হানী। গানটোৰ ছানী লিয়নিৰ সৈতে অভিনয় কৰিব হানী সিঙেও। উল্লেখ্য যে, হানী সিঙৰ গানটো ১৫ মাৰ্চত আহিবলগীয়া ছবি ' ছুথা কহী ক্যা' তো দেখা পোৱা যাব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us