/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/salman-khan-reveals-the-plot-of-lsquo-dabangg-3-rsquo-and-we-can-rsquo-t-wait-for-the-film-to-be-released1400-1498817108_1100x513.jpg)
ডিজিটেল ডেস্কঃ ছবিঘৰত চলমানৰ ছবিমানেই এখন হিট ছবি। চলমানৰ ছবি চিত্ৰগৃহলৈ আহিব আহিব বুলি অপেক্ষা কৰি থাকে চলমানৰ কোটি কোটি অনুৰাগীয়ে। শেহতীয়াকৈ খবৰ আহিছে যে অচিৰেই আৰম্ভ হ'ব চলমানৰ চুপাৰহিট ছবি ডবাঙ্গ-৩ শ্বুটিংৰ কাম। এ'প্ৰিল মাহৰ পৰা আৰম্ভ হ'বলগীয়া এই শ্বুটিং ৯০-১০০ দিনৰ ভিতৰতে অন্ত পৰিব। উল্লেখ্য যে, চলমানৰ ডবাঙ্গ ছবিখনৰ মুক্তি পোৱা দুটা সংস্কৰণ বক্স অফিচত হৈছে চুপাৰ হিট।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Salman-Khans-Dabangg-3-Finally-Gets-A-Director-Its-Not-Prabhudheva-.jpg)
কোন হ'ব ডবাঙ্গ-৩ ভিলেইন-
ডবাঙ্গ চিৰিজৰ পূৰ্বতে মুক্তি পোৱা দুটা সংস্কৰণত দেখা পোৱা গৈছে ছবিদুখনত ভিলেইনৰ ওপৰত বিশেষ গুৰত্ব দিয়া হয়। ঠিক সেইদৰে এইবাৰো ব্যতিক্ৰম নহয় ডবাঙ্গ-৩। দক্ষিণৰ চুপাৰষ্টাৰ সুদীপক ডবাঙ্গ-৩ৰ ভিলেইন চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছে। দক্ষিণৰ কেইবাখনো হিট ছবিত অভিনয় কৰা সুদীপ হৈছে চলমানৰ ভাল বন্ধু। সেই সুত্ৰেই সুদীপক ডবাঙ্গ-৩ ৰ বাবে নিৰ্বাচন কৰা হৈছে বুলি জানিব পৰা গৈছে। ডবাঙ্গ-৩ চুক্তিৱদ্ধ হোৱাৰ কথা ইতিমধ্যে সংবাদমাধ্যমৰ সন্মুখতো ঘোষণা কৰিছে সুদীপে। ছবি বিশ্লেষকসকলে জনাইছে যে সুদীপ আৰু চলমান অভিনীত এই ডবাঙ্গ-৩য়ে আন দুখন ছবিৰ তুলনাত অধিক উপাৰ্জন কৰিবলৈা সক্ষম হ'ব।ডবাঙ্গ-৩ পৰিচালনা কৰিছে প্ৰভুদেৱাই। ছবিখনৰ প্ৰযোজক আৰবাজ খান ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Sudeep-1.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us