এইবাৰ ছুপাৰ হিট হ’ব ১৯’ৰ গণৰাজ্য দিৱস

এইবাৰ ছুপাৰ হিট হ’ব ১৯’ৰ গণৰাজ্য দিৱস

author-image
asomiyapratidin
New Update
এইবাৰ ছুপাৰ হিট হ’ব ১৯’ৰ গণৰাজ্য দিৱস

ডিজিটেল ডেস্কঃ আনত নহ'লেও ছবিগৃহত এইবাৰ ছুপাৰহিট হ'ব গণৰাজ্য দিৱস। কিয়নো বলীউডৰ ৪খনকৈ বিগ বাজেটৰ ছবি মুক্তি পাব এই গণৰাজ্য দিৱসৰ সপ্তাহটোত। এতিয়াৰ পৰাই চলিছে কাউণ্ট ডাউন।

Advertisment

২৬ জানুৱাৰীত মুক্তি পাবলগীয়া ছবি কেইখন হ'ল-  মহাৰাষ্ট্ৰৰ ৰাজনীতিবিদ বাল থাকৰেৰ জীৱনভিত্তিক ছবি 'থাকৰে' , কংগণা ৰানাৱটৰ 'মণি কৰ্ণিকা', ইমৰাণ হাছমী 'চিট ইণ্ডিয়া' আৰু হৃত্বিক ৰোচনৰ 'ছুপাৰ থাৰ্টি' । চাৰিখন ছবিৰ ভিতৰত ৩ খন ছবিয়েই হ'ল জীৱনভিত্তিক ছবি। হৃতিক ৰোচন অভিনয় আৰু বিকাশ বহলৰ পৰিচালনাৰে নিৰ্মিত 'ছুপাৰ থাৰ্টি' ছবিখন পাটনাৰ গণিত শিক্ষক আনন্দ কুমাৰৰ জীৱনৰ ওপৰত আধাৰিত।

আনহাতে, 'মণিকৰ্ণিকা' হল ঝান্সী কী ৰাণীৰ জীৱন সম্বলিত ছবি। বাল থাকৰে জীৱনভিত্তিক ছবিখনৰ পৰিচালনা কৰিছে অভিজিত পান্সে আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিব নবাজুদ্দিন ছিদ্দিকীয়ে। 'চিট ইণ্ডিয়া' ছবিখন অভিনেতা ইমৰান হাছমী প্ৰডাকচনৰ প্ৰথমখন ছবি।

এই ছবিখনতো সমাজৰ কিছু সমস্যাক সবল ৰূপত উপস্থাপন কৰা হ'ব। দেশে উদযাপন কৰিব গণৰাজ্য দিৱস। তাৰ লগতেই ছবিগৃহত মুক্তি পাব ৪খনকৈ বিগ বাজেটৰ ছবি। মুঠৰ ওপৰত এইবাৰ ছুপাৰহিট হ'ব ২০১৯ৰ গণৰাজ্য দিৱস।