ধন লৈ টুইটাৰত ৰাজনৈতিক দলৰ প্ৰচাৰ চলাব তাৰকাই! চাওঁক ষ্টিং অপাৰেশ্যনৰ VIDEO

ধন লৈ টুইটাৰত ৰাজনৈতিক দলৰ প্ৰচাৰ চলাব তাৰকাই! চাওঁক ষ্টিং অপাৰেশ্যনৰ VIDEO

author-image
asomiyapratidin
New Update
ধন লৈ টুইটাৰত ৰাজনৈতিক দলৰ প্ৰচাৰ চলাব তাৰকাই! চাওঁক ষ্টিং অপাৰেশ্যনৰ VIDEO

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰতৰ একাংশ তাৰকাৰ আচৰ্যজনক ভিডিঅ'। ৰাজনৈতিক দলৰ কৰ্মচাৰী ৰূপত সাংবাদিকে চলোৱা এক গোপন অভিযানত পোহৰলৈ আহে এই আচৰিত ঘটনা। ধনৰ বিনিময়ত নিজৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ দ্বাৰা আগন্তুক নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুমতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে এই ভিডিঅ' কেইটাত।

ভাৰতীয় ছবিজগতৰ ৩০গৰাকীতকৈও অধিক অভিনেতা তথা শিল্পীয়ে নিজ নিজ ছ'চিয়েল মিডিয়াৰ একাউণ্টতৰ দ্বাৰা ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুমতি প্ৰদান কৰে। যাৰ বিনিময়ত তেওঁলোকে বিচাৰিলে নগদ ধন। অৰ্থাৎ এক ক'লা ধনৰ লেন-দেন। আৰু এই কথা পোহৰলৈ আহিছে এক গোপন অভিযানত।

অভিনেতা বিবেক অবেৰায়, শক্তি কাপুৰ, জেকী শ্ৰফ, অমিশা পাটেল, মহিলা চৌধুৰী, সোনু সুদৰ লগতে বিশিষ্ট গায়ক কেলাশ খেৰ, অভিজিত আৰু মিকাকে ধৰি মুঠ ৩০ৰো অধিক তাৰকাই এই ক্ষেত্ৰত সহমত প্ৰকাশ কৰিছে।এই গোপন অভিযানত ৰাজনৈতিক দলসমূহৰ এজেণ্ডাত সহমত পোষন কৰি তেওঁলোকে তাৰ বিনিময়ত ধন ল'বলৈ সন্মতি জনায়।


— Cobrapost (@cobrapost) February 19, 2019

মিডিয়া প'ৰ্টেল কোবৰা পোষ্টৰ দ্বাৰা ২০১৮ত প্ৰায় ৩-৪ মাহ ধৰি চলোৱা এই গোপন অভিযানত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে টুইট কৰাৰ বিনিময়ত ধন গ্ৰহণ কৰিবলৈ সন্মতি জনোৱা বহু বিশিষ্ট অভিনেতা-গায়কৰ দৃশ্য কেমেৰাত বন্দী কৰা হয়। কোবৰা পোষ্টে 'অপাৰেশ্যন কৰাঅ'কে' শীৰ্ষক ভিডিঅ' ড'কুমেন্টৰীত এই গোপন অভিযানৰ ভিডিঅ' সংলগ্ন কৰে। য'ত অভনেতা, গায়ক, মডেলে এই প্ৰস্তাৱত সহমত জনোৱাৰ দৃশ্য গোপন কেমেৰাত বন্দী হয়।


— Cobrapost (@cobrapost) February 19, 2019

ভিডিঅ' কেইটাত দেখিবলৈ পোৱা গৈছে- কংগ্ৰেছ, বিজেপি, আম আদমী পাৰ্টীৰ ভুৱা কৰ্মকৰ্তাৰ ৰূপত যোৱা সাংবাদিকে নিৰ্ধাৰিত ধনৰাশিৰ ১০ৰ পৰা ২০ শতাংশ ধন চেক বা বেংক একাউণ্টত আৰু বাকীখিনি নগদ হিচাপে দিম বুলি কৰা চৰ্তত তাৰকাসকলে সন্মতি প্ৰদান কৰে। ইফালে, অভিনেত্ৰী বিদ্যা বালন, ৰঞ্জা মুৰাদ, অৰছদ বাৰশী আৰু টেলিভিছন অভিনেতা সোম্যা টণ্ডনেহে কেৱল এই প্ৰস্তাৱত গ্ৰহণ নকৰে। তাৰকা কেইগৰাকীৰ জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰি প্ৰতিজনকে ২ৰ পৰা ২০ লাখ টকা দিয়াৰ কথা কোৱা হৈছিল। তাৰোপৰি, এই ক্ষেত্ৰত কেইগৰাকীমান তাৰকাই ৰাজনৈতিক দলৰ কৰ্মকৰ্তা ৰূপত গোপন অভিযান চলোৱা সংবাদকৰ্মীক ২০ কোটি টকা পৰ্যন্ত বিচাৰে।


— Cobrapost (@cobrapost) February 19, 2019

এই তাৰকাসকলে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে ছ'চিয়েল মিডিয়াৰ একাউণ্ট ব্যৱহাৰ কৰিবলৈ বিচৰা প্ৰস্তাৱত সহমত দিয়ে। লগতে তেওঁলোকে এই সমগ্ৰ ঘটনা আৰু এজেণ্ডাসমূহ গুপ্ত ৰাখিম বুলি প্ৰতিশ্ৰুতিবদ্ধও হয়।

এই গোপন অভিযানৰ সন্দৰ্ভত আম আদমি পাৰ্টীৰ প্ৰাক্তন সদস্য আশুতোষে কয়- 'এনেদৰে আপোনালোকে (তাৰকা) ছ'চিয়েল মিডিয়াৰ দ্বাৰা এক ৰায় প্ৰদান কৰিছে। এইবোৰ লোকে ধনৰ বাবে সাম্প্ৰদায়িক এজেণ্ডাও প্ৰচাৰ কৰিবলৈ লাজ নকৰে।' তেওঁ লগতে এনেবোৰ তাৰকা যোনে ধন ল'বলৈ সন্মতি হোৱা ঘটনাক 'ধনৰ ছিণ্ডিকেট মাফিয়া'ৰ সৈতে তুলনা কৰে।

ইফালে, কাৰাভান মেগাজিনৰ ৰাজনৈতিক সম্পাদক হৰতোশ সিং বলে সাংবাদিকসকলক সম্বোধন কৰি এই ঘটনাই আগন্তুক সময়ত এক 'বিপদজনক সময়' অহাৰ ইংগিত দিয়া বুলি কয়। লগতে তেওঁ কয়- 'আমি আগন্তুক নিৰ্বাচনত ইয়াৰ প্ৰভাৱ দেখা পাম।' ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ-প্ৰসাৰ কৰা এই তাৰকাসকলৰ ভিতৰত অধিকাংশৰ টুইটাৰত কিমান ফ'ল'ৱাৰ্ছ আছে তাৰ এক অনুমান লগাব পৰা যাব বুলিও কয় হৰতোশ সিং বলে।


— Cobrapost (@cobrapost) February 19, 2019

উল্লেখ্য যে, অমিশা পাটেলৰ ৩.৯৫ মিলিয়ন, বিবেক অবেৰায়ৰ ২ মিলিয়নৰো অধিক আৰু সোনু সুদৰ টুইটাৰত ১.৫ মিলিয়ন ফ'ল'ৱাৰ্ছ আছে। তাৰোপৰি অভিনেতা জেকী শ্ৰফৰ টুইটাৰত ২.২৭ লাখ, কেলাশ খেৰৰ ৫ লাখৰো অধিক, টিস্তকা চোপ্ৰাৰ ৩.২০ লাখ ফ'ল'ৱাৰ্ছ আছে।


— Cobrapost (@cobrapost) February 19, 2019

৩.৯৫ মিলিয়ন টুইটাৰত ফ'ল'ৱাৰ্ছ থকা মডেল তথা অভিনেত্ৰী ছানী লিয়নীয়ে টুইট কৰি কয়- 'হাই, মই আপোনালোকক জনায় দিব বিচাৰিছো যে, মই কোনো ৰাজনৈতিক দলৰ প্ৰচাৰ কৰা নাই। কিন্তু এই খবৰটোত মোৰ বিষয়ে এনে কাৰ্য কৰাৰ বিষয়ে প্ৰকাশ পাইছে। যদি মই ৰাজনৈতিক ক্ষেত্ৰৰ কিবা প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লওঁ তেন্তে সেই সন্দৰ্ভত মোৰ বিশ্বাস থাকিব।'

(ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি)