ছলমান খানৰ নতুন ছবিৰ পৰা আঁতৰোৱা হ’ল পাকিস্তানী গায়কে কন্ঠদান কৰা গীত…

ছলমান খানৰ নতুন ছবিৰ পৰা আঁতৰোৱা হ’ল পাকিস্তানী গায়কে কন্ঠদান কৰা গীত…

author-image
asomiyapratidin
New Update
ছলমান খানৰ নতুন ছবিৰ পৰা আঁতৰোৱা হ’ল পাকিস্তানী গায়কে কন্ঠদান কৰা গীত…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত দেশৰ অৰ্থনীতিবিদ, ৰাজনীতিবিদ, সৰ্বসাধাৰণৰ লগতে বলিউদৰ অভিনেতা-অভিনেত্ৰীসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সোমবাৰ অজয় দেৱগানে টুইটাৰযোগে তেওঁৰ আগন্তুক ছবি 'টোটেল ধামাল'ক পাকিস্তানৰ ছবিগৃহত মুক্তি নিদিয়াৰ কথা ঘোষণা কৰে। তাৰপাছত মঙলবাৰে অভিনেতা ছলমান খানেও ব্যক্ত কৰে নিজৰ প্ৰতিক্ৰিয়া।

এক সূত্ৰ অনুসৰি ছলমান খানৰ প্ৰডাকশ্যন হাউছৰ নতুন হিন্দী ছবি 'নোটবুক'ত পাকিস্তানী জনপ্ৰীয় গায়ক আতিফ আছলামে কন্ঠদান কৰা গীত ছবিখনৰ পৰা আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে ছলমান খানে। পুলৱামা ঘটনাৰ পাছতেই ছলমান খানে 'নোটবুক'ৰ পৰা আতিফ আছলামে গোৱা গীতটি ছবিখনৰ পৰা আঁতৰায়।

তাৰোপৰি, ছলমান খানে এই ছবিখনত আতিফে গোৱা গীতটিৰ পৰিৱৰ্তে আন এটি গীত ছবিখনত সংযোগ কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে, জম্মু-কাশ্মীৰৰ এই নৃশংস ঘটনাৰ পাছত অল ইণ্ডিয়া চিনে এছ'চিয়েশ্যনে পাকিস্তানী শিল্পীক ভাৰতত কাম কৰাতো বন্ধ কৰি দিছে। উল্লেখ্য যে, 'নোটবুক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিব ছলমানখনৰ বন্ধুৰ পুত্ৰ জহিৰ ইকবালে।

ইফালে, ছলমান খান আৰু চিনে ১ ষ্টুডিয়ছে পুলৱামা ঘটনাত শ্বহীদ জোৱানসকলৰ পৰিয়ালক ২২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নতুন হিন্দী ছবিখনৰ শ্বুটিঙো জম্মু-কাশ্মীৰতেই কৰা হৈছিল। অহা ২৯ মাৰ্চ, ২০১৯ত ছবিগৃহত মুক্তি পাব 'নোটবুক'।