২৪ ঘণ্টাত চালে ১ কোটি লোকে, ৰণবীৰ সিঙৰ নতুন ছবিৰ ভাইৰেল VIDEO…

২৪ ঘণ্টাত চালে ১ কোটি লোকে, ৰণবীৰ সিঙৰ নতুন ছবিৰ ভাইৰেল VIDEO…

author-image
asomiyapratidin
New Update
২৪ ঘণ্টাত চালে ১ কোটি লোকে, ৰণবীৰ সিঙৰ নতুন ছবিৰ ভাইৰেল VIDEO…

ডিজিটেল ডেস্কঃ ২০১৯ত ছবিগৃহ মুক্তি পাবলগীয়া বলিউডৰ বহু প্ৰত্যাক্ষিত ছবিসমূৰ ভিতৰত অন্যতম ছবিখন হ'ল 'গলী বয়'। অভিনেতা ৰণবীৰ সিং অভিনীত এইখন ছবি চাবলৈ দৰ্শকৰ যে ভিৰ বাঢ়িব সেয়া প্ৰায় নিশ্চিত। কাৰণ প্ৰথমবাৰলৈ দুজন হিপহ'প গায়কৰ জীৱনৰ ভিত্তিক ছবি কেইখন নিৰ্মাণ কৰাৰ লগতে প্ৰথমবাৰলৈ ৰণবীৰ সিঙক ৰূপালী পৰ্দাত এজন হিপহ'প গায়কৰ (ৰেপাৰ) চৰিত্ৰত দেখা পোৱা যাব।

উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰী, ২০১৯ত ছবিগৃহত মুক্তি পাবলগীয়া 'গলী বয়' ছবিখনৰ 'গলী বয়' শীৰ্ষক গীতটি ইউটিউবত আপলোড কৰা ২১ জানুৱাৰীত, ২৪ ঘণ্টা সম্পূৰ্ণ নৌহওঁতেই প্ৰায় ১ কোটি লোকে চাইছে এই ভিডিঅ'টো। অৱশ্যে এই গীতটিৰ দ্বাৰাই হিপহ'প গায়ক ডিভাইন আৰু নেইজীয়ে সংগীতৰ জগতখনত নিজৰ পৰিচয় লাভ কৰিছিল। ১৬ এপ্ৰিল, ২০১৫চনত ইউটিউবত আপলোড কৰা এই গীতটি পুনৰ ছবিখনত দেখা পোৱা যাব। কিন্তু লক্ষণীয় যে, এই গীতটিত ৰণবীৰ সিঙেও কণ্ঠ নিগৰাইছে।

চাওঁক গলী বয় ছবিখনৰ গীতটিৰ ভাইৰেল ভিডিঅ'টি-

বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই গীতটি। ৰণবীৰ সিঙে ছবিখনৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কয়- এই ছবিখনত তেওঁ অভিনয় কৰি বহু সুখী। আৰু এই ছবিখনত কেৱল তেওঁৱেই অভিনয় কৰিব বিচাৰিছিল। আন কোনোবাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ পোৱা হ'লে অভিনেতাগৰাকীয়ে বহু দুখ পালে হয় বুলিও কয়।