১১ ফেব্ৰুৱাৰীত বলিউদত আৰু এখন বিয়া…

১১ ফেব্ৰুৱাৰীত বলিউদত আৰু এখন বিয়া…

author-image
asomiyapratidin
New Update
উত্তৰ প্ৰদেশত একেদিনাই ১৫ হাজাৰ যুৱক-যুৱতীৰ বিবাহ সম্পন্ন

ডিজিটেল ডেস্কঃ বলিউদত ওলাইছে আৰু এখন বিয়া। এয়া কোনো এলাপচা লোকৰ বিয়া নহয়। বলিউদ-টলিউদৰ লগতে সমগ্ৰ বিশ্বৰ ছবিজগততেই খলকনি তোলা দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত জীয়াৰী সুন্দৰীয়াজৰ বিয়া। ১১ ফেব্ৰুৱাৰীত হ'বলগা এই বিয়াখনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। খবৰ অনুসৰি বিয়াৰ পূৰ্বেই ১০ ফেব্ৰুৱাৰীত আয়োজন কৰা হয় বিশেষ এটি অনুষ্ঠানৰ।

চেন্নাইৰ ৰাঘৱেন্দ কল্যাণ মণ্ডপত আয়োজন কৰা এই অনুষ্ঠানত বহু জনপ্ৰিয় অভিনেতা অভিনেত্ৰীৰ লগতে দেখা গ'ল ভিন্ন ক্ষেত্ৰৰ বহু প্ৰভাৱশালী লোকক। ৰজনীকান্তৰ জীয়াৰী সুন্দৰীয়াজৰ ২০১৬চনত বিবাহ বিচ্ছেদ হৈছিল উদ্যোগপতি অশ্বীন ৰাজকুমাৰৰ সৈতে। ইয়াৰ পাছতেই দুয়ো পৃথকা পৃথককৈ থাকিবলৈ লোৱাৰ পাছতেই ৩ বছৰৰ অন্তত সুন্দৰীয়াজে ব্যৱসায়ী বিশাগন ৱানংগমুডীৰ সৈতে পুনৰ  বিবাহপাশত আৱদ্ধ হ'বলৈ ওলাইছে।

উল্লেখ্য যে, সুন্দৰীয়াজৰ আছে বেদ নামৰ এটা পুত্ৰ সন্তান। দ্বিতীয় বাৰলৈ বিবাহত বহিবলগীয়া সুন্দৰীয়াজে সংবাদমাধ্যমৰ সন্মুখত কয়- 'এই বিবাহক লৈ মই যথেষ্ট সুখী।' কেৱল সুন্দৰীয়াজে নহয়, তেওঁ বিবাহপাশত আৱদ্ধ হ'বলগীয়া ৩৫ বছৰীয়া ব্যৱসায়ীজনৰো এয়া দ্বিতীয় বিবাহ।