শ্বাহৰুখ খানে পাকিস্তানক দিলে ৪৫ কোটি! কিমান সঁচা এই খবৰ…

শ্বাহৰুখ খানে পাকিস্তানক দিলে ৪৫ কোটি! কিমান সঁচা এই খবৰ…

author-image
asomiyapratidin
New Update
শ্বাহৰুখ খানে পাকিস্তানক দিলে ৪৫ কোটি! কিমান সঁচা এই খবৰ…

ডিজিটেল ডেস্কঃ কি বলিউদ, কি হলিউদ, পুলৱামা ঘটনাক লৈ সমগ্ৰ বিশ্ব এতিয়া ম্ৰিয়মান। শ্বহীদ জোৱান সকলৰ পৰিয়ালৰ কাষত এতিয়া সমগ্ৰ বিশ্ব। বলিউদৰ শিল্পী সকলেও পাৰ্যমানে শ্বহীদৰ পৰিয়াললৈ আগবঢ়াইছে সহায়ৰ হাত। বিগ বি, অক্ষয় কুমাৰ, চলমান খানকে ধৰি কেইবাজনো বলিউদ তাৰকাই শ্বহীদৰ পৰিয়াললৈ আগবঢ়াইছে আৰ্থিক সাহায্য।

পাকিস্তানৰ বিৰুদ্ধে সমগ্ৰ দেশ ক্ষোভত জ্বলি থকা সময়তে বলিউদ অভিনেতা শ্বাহৰুখ খানৰ এটা খবৰে বিশেষ চৰ্চা লাভ কৰিছে। ছচিয়েল মিডিয়া আৰু বিভিন্ন সংবাদ মাধ্যমক প্ৰচাৰ হৈছে যে' শ্বাহৰুখ খানে পাকিস্তানৰ গেছ টেড্ৰেছীত পীড়িত লোকসকললৈ আগবঢ়াইছে ৪৫ কোটি টকাৰ সাহাৰ্য্য।' এই খবৰৰ পাছতে এতিয়া ছচিয়েক মিডিয়াত অভিনেতাজনক কটাক্ষ কৰিছে বহুলোকে।

আচলতে শ্বাহৰুখৰ এই খবৰটো সম্পূৰ্ণ মিছা। অভিনেতাজনক বদনাম কৰিবলৈকে দুষ্ট চক্ৰই কৰিছে এনে কাম। ইতিমধ্যে শ্বাহৰুখ খানৰ ফেন ক্লাৱে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আহ্বান জনাইছে যে অভিনেতাজনৰ ভাৱমুৰ্তিক বিনষ্ট কৰিবলৈ এনে ভুৱা খবৰ যাতে ভাইৰেল নকৰে। বলিউদৰ বহু তাৰকাৰেও শ্বাহৰুখক সমৰ্থন কৰি কৈছে যে -শ্বাহৰুখৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈয়ে এনে কাম হাতত লৈছে দুষ্ট চক্ৰই। এই বিষয়ত এতিয়ালৈকে মুখ খোলা নাই শ্বাহৰুখে। উল্লেখ্য যে, শ্বাহৰুখৰ ক্ষেত্ৰত এয়াই প্ৰথম নহয়, পাকিস্তানক সমৰ্থন কৰা বুলি পূৰ্বতেও সমালোচনাৰ সন্মুখীন হৈছিল অভিনেতাগৰাকী।