/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/priyanka-chopra-adds-jonas-to-surname-on-social-media-2018-12-07.jpg)
ডিজিটেল ডেস্কঃ হোলীৰ দিনটোত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে প্ৰিয়ংকা চোপ্ৰাৰ কেইখনমান নতুন ফটো। এযোৰ ধুনীয়া পোছাকত প্ৰিয়ংকাৰ সৌন্দৰ্য আৰু অধিক উজ্বলি উঠিছে। কিন্তু স্বামী নিক জ'নাছক উদ্দেশ্যি প্ৰিয়ংকাই কৰিলে এক আচৰ্যজনক ঘোষণা। প্ৰিয়ংকা চোপ্ৰাই নিজকে এগৰাকী ভাল পত্নী নহয় বুলি কৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/priyanka-dnt-knw-to-cook-face.jpg)
প্ৰিয়ংকা চোপ্ৰাই কয়- 'মই ৰন্ধন-প্ৰকৰণৰ কাম নাজানো। যেতিয়া নিকে মোক বিয়াৰ প্ৰস্তাৱ দিছিল মই তেতিয়াই এই কথা তেওঁক জনাই দিছিলো। মই তেওঁক কৈছিলো যে, তোমাৰ মাই বহুত ভালকৈ খাদ্য প্ৰস্তুত কৰিব জানে। কিন্তু তুমি তেনেকুৱা পত্নী হিচাপে মোক নাপাব। কাৰণ মই ৰন্ধন-প্ৰকৰণৰ একোৱেই নাজানো।'
লগতে তেওঁ কয়- 'মই যেতিয়া নিকক কওঁ মই ৰান্ধনিঘৰৰ কাম নজনাৰ কথা। তেতিয়া নিকেও নিজে যে সেয়া নাজানে মোক কৈছিল।' ৩৬ বছৰীয়া প্ৰিয়ংকা চোপ্ৰাই কেৱল কণীৰ অ'মলেটহে বনাব জানে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us