/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/modi-biopic-face.jpg)
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন-২০১৯ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবিখন মুক্তি পাব। প্ৰথমে ছবিখনৰ মুক্তিৰ তাৰিখ ১২ এপ্ৰিল নিৰ্ধাৰণ কৰা হৈছিল যদিও, ১১ এপ্ৰিলৰ পৰা লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫ এপ্ৰিলত ছবিখনৰ মুক্তিৰ দিন ধাৰ্য কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/74f96236-f566-4321-8fcc-2e27c96092ff.jpg)
ইফালে, বুধবাৰ অৰ্থাৎ আজি নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয়। মুম্বাইত আনুষ্ঠানিকভাৱে এই ছবিখনৰ ট্ৰেইলাৰ মুক্তি পায়। অভিনেতা বিবেক অবৰায়ে অভিনয় কৰা এই ছবিখনৰ নাম 'পি এম নৰেন্দ্ৰ মোডী'। এই ছবিখন হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাব। ছবিখনৰ নিৰ্মাতা সন্দিপ সিং আৰু অভিনেতা-অভিনেত্ৰীসকল এই ফিল্মখনক লৈ যথেষ্ট আশাবাদী। তেওঁলোকে এই ছবিখন দৰ্শকে আদৰি ল'ব বুলি মন্তব্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us