ডিজিটেল ডেস্কঃ কিছুদিনৰ পৰা দেশত চেলিব্ৰেটী বিয়াৰ উজান পৰিছে। একে লেঠাৰিয়ে ইখনৰ পাছত সিখন বিয়া । হাইপ্ৰফাইল দীপিকা-ৰণবীৰ, অনুষ্কা-বিৰাট, প্ৰিয়ংকা-নিকৰ বিয়াৰ বিভিন্ন খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।
এই বিয়াকেইখনৰ ভিতৰত দীপিকা-ৰণবীৰৰ বাহিৰে বাকী দুখন বিয়াত অতিথি হিচাপে উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুয়োখন বিয়াতে মোদীয়ে দুয়ো নৱ-দম্পতীক দিলে একেই উপহাৰ । বিৰাট-অনুষ্কাৰ বিয়াত উপস্থিত মোদীয়ে দুয়োকে দুপাঁহ গোলাপ ফুল উপহাৰ দিছিল। ঠিক তেনেকৈয়ে প্ৰিয়ংকা-নিককো মোদীয়ে উপহাৰ দিলে দুপাঁহ গোলাপ।
মোদীৰ এই উপহাৰক লৈ ছচিয়েল মিডিয়াত এতিয়া খুবেই চৰ্চা। উল্লেখ্য যে, যোৱা ৪ ডিচেম্বৰত প্ৰিয়ংকা আৰু নিকে দিল্লীৰ তাজ হোটেলত আয়োজন কৰা বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।