অতি কমদিনৰ ভিতৰতে কৰীণা-অক্ষয়ে দিব ভাল খবৰ…

অতি কমদিনৰ ভিতৰতে কৰীণা-অক্ষয়ে দিব ভাল খবৰ…

author-image
asomiyapratidin
New Update
অতি কমদিনৰ ভিতৰতে কৰীণা-অক্ষয়ে দিব ভাল খবৰ…

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় তাৰকা কৰীণা আৰু অক্ষয়ে অচিৰেই অনুৰাগী সকলক দিব এটা ভাল খবৰ। আহি আছে কৰীণা-অক্ষয়ৰ নতুন ছবি 'গুড নিউজ'। ৪ বছৰৰ বিৰতিৰ মূৰত ৰূপালী পৰ্দাত একেলগে দেখা যাব বলিউদৰ এই তাৰকা দুগৰাকীক।

ইতিমধ্যে আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং। ছবিখনত কৰীণাৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিব অক্ষয়ে। ছবিখনৰ পৰিছালনা কৰিছে ৰাজ মেহতাই। ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখন ছবিঘৰলৈ আহিব এই বৰ্ষৰে চেপ্তেম্বৰ মাহত।