৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ প্ৰিয়ংকা-নিকৰ বিয়া

৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ প্ৰিয়ংকা-নিকৰ বিয়া

author-image
asomiyapratidin
New Update
৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ প্ৰিয়ংকা-নিকৰ বিয়া

ডিজিটেল ডেস্কঃ অৱশেষত ঠিৰাং হ'ল মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ বিয়াৰ তাৰিখ। দুমাহ পূৰ্বে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা আৰু আমেৰিকান গায়ক নিক জোনাচৰ মাজত আঙুঠি পিন্ধোৱা পৰ্ব ভাৰতীয় পৰম্পৰাগতভাৱে সম্পূৰ্ণ হোৱাৰ পিছত এইবাৰ তাৰকা দুগৰাকীৰ বিবাহক লৈ চৰ্চা চলিছে। অহা ২ ডিচেম্বৰত দুয়োগৰাকী তাৰকাই বিবাহ পাশত আবদ্ধ হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ পূৰ্বে নৱেম্বৰ মাহত নিক-প্ৰিয়ংকাৰ বিবাহ সম্পন্ন হ'ব বুলি বাতৰি প্ৰকাশ পাইছিল।

Advertisment

জানিব পৰা মতে, নিক আৰু প্ৰিয়ংকাৰ বিবাহ সম্পূৰ্ণ ভাৰতীয় ৰীতি-নীতিৰে যোধপুৰৰ উমেদ ভৱনত সম্পন্ন হ'ব। ব্যয়বহুল আৰু আড়ম্বৰপূৰ্ণ বিবাহখনক লৈ ব্যস্ত হৈ পৰিছে মাতৃ মধু চোপ্ৰা। আনহাতে নিক আৰু প্ৰিয়ংকাই পৰিধান কৰিবলগীয়া পোছাকৰ ডিজাইনৰ বাবে নিক-প্ৰিয়ংকাই তাৰকা ফেশ্বন ডিজাইনাৰ আবু জানী আৰু সন্দিপ খোছলাৰ সৈতে যোগাযোগ কৰিছে বুলিও জানিব পৰা গৈছে।

নিক জোনাছ আৰু প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ সম্পন্ন হ'ব। আনহাতে মাত্ৰ ২০০ গৰাকী বন্ধু-বান্ধৱ আৰু আত্মীয় স্বজনৰ উপস্থিতিতে দুয়োৰে বিবাহ সম্পন্ন হ'ব বুলিও বলীউডৰ এক সূত্ৰই জানিবলৈ দিয়ে। নিক-প্ৰিয়ংকাৰ বিবাহ অনুষ্ঠানত কোন কোন তাৰকা শিল্পী উপস্থিত থাকিব তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে।