/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Film_Companion_Manikarnika_Trailer-Talk_lead_5-1100x600.jpg)
ডিজিটেল ডেস্কঃ ছবিখনৰ শ্বুটিঙ আৰম্ভ হোৱাৰে পৰা বিৰ্তকই লগ এৰা নাছিল। বিৰ্তকৰ সমান্তৰালভাৱে শ্বুটিঙৰ মাজতে আহিছিল এটা দু: সংবাদ, ছবিৰ পৰিছালক হৃদৰোগত আকান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন। সকলোৱে ভাৱিছিল ছবিখনৰ কাম ইমানতে অন্ত পৰিব। কিন্তু অলেখ প্ৰত্যাহ্বান নেওঁচি অৱশেষত ২৫ জানুৱাৰীত ছবিখন শুভমুক্তি পালে। ছবিখনৰ নাম 'মণিকৰ্ণিকা'।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/m.jpg)
ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে কংগণা ৰাণাৱটে। কেৱল অভিনয়ে নহয় পৰিছালকৰ অনুপস্থিতিত পৰিছালক কাম কৰাৰ উপৰিও ছবিখনৰ প্ৰয়োজনীয় সকলো কামৰ তদাৰক কৰিছিল এই অভিনেত্ৰী গৰাকীয়েই। ঝান্সী ৰাণী লক্ষ্ণীবাঈৰ জীৱনৰ ওপৰত নিৰ্মিত ছবিখনত দুৰ্দান্ত অভিনয়ে এতিয়া মহ মুহিছে দেশ-বিদেশৰ কোটি কোটি দৰ্শকক। মুক্তিৰ ৫ দিনৰ অন্তত ছবিখনে বিদেশত উপাৰ্জন কৰিছে প্ৰায় ১৭ কোটিৰো অধিক টকা। আনহাতে ছবিখনে বিগত দিন কেইটাত উপাৰ্জন কৰিছে ৫৩ কোটি টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Manikarnika-The-Queen-of-Jhansi-Trailer-Launch-Feature.jpg)
ছবি সমালোচক সকলে ছবিখনৰ সকলো দিশক প্ৰশংসা কৰাৰ লগতে ছবিখনে অচিৰেই ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব বুলি মতপোষণ কৰিছে। উল্লেখ্য যে, ছবিখনৰ মুক্তিৰ পাছতো দেশৰ বহু কেইটা সংগঠনে ছবিখনৰ বিৰোধিতা কৰিছিল যদিও কংগণাই স্পষ্টভাৱে কৈছিল ' ৰাণী লক্ষ্ণীবাঈ মোৰ ঘৰৰ কোনো সদস্য নহয়, সমগ্ৰ দেশৰ বীৰঙ্গনা গৰাকীক উপস্থাপন কৰাত মই অকণো কৃপনালি কৰা নাই আৰু বিকৃত ৰূপ দিবলৈও চেষ্টা কৰা নাই,গতিকে এইবোৰ বিৰ্তক অমূলক।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us