২১ শিখৰ বিৰুদ্ধে ১০ হাজাৰ আক্ৰমণকাৰী! চাওঁক অক্ষয় কুমাৰৰ ছবি ‘কেশাৰী’ৰ ট্ৰেইলাৰ

২১ শিখৰ বিৰুদ্ধে ১০ হাজাৰ আক্ৰমণকাৰী! চাওঁক অক্ষয় কুমাৰৰ ছবি ‘কেশাৰী’ৰ ট্ৰেইলাৰ

author-image
asomiyapratidin
New Update
২১ শিখৰ বিৰুদ্ধে ১০ হাজাৰ আক্ৰমণকাৰী! চাওঁক অক্ষয় কুমাৰৰ ছবি ‘কেশাৰী’ৰ ট্ৰেইলাৰ

ডিজিটেল ডেস্কঃ বলিউদৰ খিলাড়ী অৰ্থাৎ অভিনেতা অক্ষয় কুমাৰৰ ২০১৯ৰ প্ৰথমখন ছবি 'কেশৰী'ৰ প্ৰথমখন পোষ্টাৰ মুক্তি পালে ২০ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে। ছবিখনৰ পোষ্টাৰ আৰু ট্ৰেইলাৰ দুয়োটা মুক্তি পোৱাৰ পাছত বৰ্তমান অক্ষয় কুমাৰৰ অনুগামীৰ মাজত উৎকন্ঠাৰ সৃষ্টি হৈছে ছবিখনক লৈ।

উল্লেখ্য যে, খিলাড়ী কুমাৰৰ নতুন ছবি কেশাৰীত অভিনয় কৰিব অভিনেত্ৰী পৰিনীতি চোপ্ৰাই। ১৮৯৭চনৰ সাৰাগড়ী যুদ্ধৰ ওপৰত আধাৰিত এই হিন্দী ছবিখনত দেখিবলৈ পোৱা যাব অক্ষয় কুমাৰৰ একচন। সাৰাগড়ী যুদ্ধত মাত্ৰ ২১জন শিখ লোকে ১০ হাজাৰ আফগানী আক্ৰমণকাৰীৰ বিৰুদ্ধে যুদ্ধত নামিছিল। আৰু সেয়াই হ'ব ছবিখনৰ কাহিনী।

ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা অক্ষয় কুমাৰে ইশৰ সিং নামৰ চৰিত্ৰটোৰ অভিনয় কৰিব। ইফালে, ছবিখনৰ ট্ৰেইলাৰটোত অক্ষয় কুমাৰৰ ডাইল'গবোৰ বহু ভাবি চিন্তি লিখা হৈছে। যাৰ ফলত দৰ্শকে ছবিখন চাবলৈ অধিক উৎসাহী পৰিছে।

আনহাতে, অক্ষয় কুমাৰৰ এই ছবিখন ২০১৯চনৰ ২১ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিব। লক্ষণীয় যে, পোনপ্ৰথমবাৰৰ বাবে অভিনেত্ৰী পৰিনীতি চোপ্ৰাই খিলাড়ী কুমাৰৰ সৈতে একেখন ছবিত অভিনয় কৰিছে। গতিকে, দৰ্শকে এক নতুন সোৱাদ পাব এই ছবিখন চায়। আৰু ছবিখনত পৰিনীতি চোপ্ৰাই অক্ষয় কুমাৰৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰিব।