সিদ্ধু আউট, আহিল অৰ্চনা, চাওক VIDEO

সিদ্ধু আউট, আহিল অৰ্চনা, চাওক VIDEO

author-image
asomiyapratidin
New Update
সিদ্ধু আউট, আহিল অৰ্চনা, চাওক VIDEO

ডিজিটেল ডেস্কঃ ১৪ ফেব্ৰুৱাৰীৰ পুলৱামাৰ বৰ্বৰ আক্ৰমণৰ সন্দৰ্ভত পাকিস্তানৰ বাবে দেখুওৱা নৰম স্থিতিৰ বাবে কংগ্ৰেছ নেতা তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নৱজ্যোৎ সিঙ সিদ্ধুক এটা ৰাষ্ট্ৰীয় টেলিভিছনৰ এটা শ্ব'ৰ পৰা বাহিৰ কৰাৰ পাছতে অনুষ্ঠানটোত সিদ্ধুৰ ঠাই ল'লে অভিনেত্ৰী অৰ্চনা পূৰণ সিঙে।

শনিবাৰে প্ৰচাৰিত অনুষ্ঠানটোলৈ অৰ্চনা পূৰণ সিঙক আদৰণি জনালে অনুষ্ঠানটোৰ আতঁধৰোতা তথা কমেডিয়ান কপিল শৰ্মাই। সিদ্ধুয়ে পাকিস্তানক লৈ কৰা মন্তব্যৰ পাছতে এই জনপ্ৰিয় অনুষ্ঠানটোৰ পৰা সিদ্ধুক বাহিৰ কৰিবলৈ দাবী উত্থাপন কৰিছিল বিভিন্ন লোকে। ৰাইজৰ এই প্ৰতিক্ৰিয়া দেখি অনুষ্ঠানটোৰ প্ৰযোজকে লয় এই সিদ্ধান্ত।

উল্লেখ্য যে, পুলৱামাৰ এই বিস্ফোৰণৰ সন্দৰ্ভত সিদ্ধুয়ে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰিছিল যে, কেইজনমান লোকৰ বাবে সমগ্ৰ দেশখনক দোষাৰোপ কৰাটো উচিত নহয়। এই মন্তব্যৰ পাছতে দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া। অনুষ্ঠানটোত কপিল শৰ্মাই অৰ্চনা পূৰণ সিঙক আদৰণি জনোৱাৰ ভিডিঅ'-


— sonytv (@SonyTV) February 17, 2019