বিবাহ পাশত আৱদ্ধ মুকেশ আম্বানীৰ কন্যা ঈশা

বিবাহ পাশত আৱদ্ধ মুকেশ আম্বানীৰ কন্যা ঈশা

author-image
asomiyapratidin
New Update
বিবাহ পাশত আৱদ্ধ মুকেশ আম্বানীৰ কন্যা ঈশা

ডিজিটেল ডেস্কঃ দেশৰ ধনাঢ্য ব্যক্তি তথা আগশাৰী ব্যৱসায়ী মুকেশ আম্বানীৰ কন্যা ঈশা আম্বানীৰ শুভ বিবাহ সম্পন্ন হয় ১২ ডিচেম্বৰত। বহুচৰ্চিত এই বিবাহ অনুষ্ঠানত ভাগ লয় বলিউডৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক ক্ষেত্ৰ, ক্ৰীড়াজগতৰ বহুকেইগৰাকী নামী-দামী তাৰকাই।

আম্বানীৰ প্ৰসাদোপম অট্টালিকা এণ্টিলিয়াত আম্বানীৰ কন্যাৰ বিবাহ অনুষ্ঠানত দেখা গ'ল কিছুদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা আৰু স্বামী নিক জ'নাছক।

ইফালে, পত্নী অঞ্জলিসহ শচীন তেণ্ডুলকাৰ, অভিনেতা ৰজনীকান্ত আৰু তেওঁৰ পত্নী, জেকী শ্ৰফ, সপত্নীসহ ক্ৰিকেটাৰ হৰভজন সিং, স্বামী অভিষেক বচ্চনৰ সৈতে বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায় আৰু কিং খানৰ গৌৰী খানকো। পৰম্পৰাগত মাংগলিক বিধিৰে বৰমাল্য দান ঈশা আম্বানী–আনন্দ পিৰামলৰ।