/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/gullyboy1.jpeg)
ডিজিটেল ডেস্কঃ বলিউদ ছবিসমূহ ৰোমাঞ্চ, একশ্যন, লাভ ষ্ট'ৰী আদিৰ ওপৰত বিশেষভাৱে নিৰ্মাণ কৰা হয়। কিন্তু সততে বায়'পিক অৰ্থাৎ জীৱন ভিত্তিক ছবি নিৰ্মাণ কৰা ছবিৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু জীৱন ভিত্তিক ছবিসমূহো ৰাজনীতিবিদ, খেলুৱৈৰ জীৱনক লৈহে নিৰ্মাণ কৰা বেছিকৈ দেখা পোৱা যায়। কিন্তু এইবাৰ বলিউদত আহিছে এখন নতুন ছবি। এই ছবিখন সম্ভৱত প্ৰথমবাৰৰ বাবে ৰেপ গীত (সংগীতৰে এটা ভাগ)গাই সফলতাৰ শিখৰত নিজকে উপস্থাপন কৰা দুজন ৰেপাৰ ডিভাইন আৰু নেইজী (নায়েদ শ্বেখ)ৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।
মুম্বাইৰ এটি অতি দৰিদ্ৰ পৰিয়াল আৰু এটা বস্তিৰ পৰা কেনেকৈ আন্তঃৰাষ্ট্ৰীয় হিপ-হপ, ৰেপ সংগীত জগতলৈ নিজক আগুৱাই লৈ যায় তাকেই দেখুওৱা হ'ব এই ছবিখনত। নৱপ্ৰজন্মৰ মাজত চৰ্চিত এই ছবিখনত অভিনয় কৰিছে অভিনেতা ৰণবীৰ সিং আৰু অভিনেত্ৰী আলিয়া ভটে। ইফালে, ছবিখন 'জিন্দগী না মিলেগী দ'বাৰা', 'দিল সাহতা হে', 'ৰক্ অন'ৰ দৰে ব্লক ব্লাষ্টাৰ হিট ছবি পৰিচালনা কৰা পৰিচালক জ'য়া আখতাৰে কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/gully-boy-movie-details.jpg)
উল্লেখ্য যে, ২০১৮ৰ জানুৱাৰীৰ পৰা শ্বুটিং আৰম্ভ হোৱা এই ছবিখনৰ চিত্ৰগ্ৰহণ শেষ হৈছিল ২০১৮ৰে এপ্ৰিল মাহত। তাৰপাছত ২০১৯ৰ প্ৰথমটো দিনাই ছবিখনৰ প্ৰথম পোষ্টাৰ আৰু ২ জানুৱাৰীত আন দুখন পোষ্টাৰ মুকলি কৰা হৈছিল। তাৰপাছতেই ৪ ডিচেম্বৰত ছবিখনৰ ট্ৰেইলাৰ ইউটিউবত মুকলি কৰা হয়। মাত্ৰ ৪৮ ঘণ্টাত ১কোটি ৩০লাখৰো অধিক লোকে চোৱা এই ট্ৰেইলাৰটো মুকলি পোৱাৰ পাছতেই যেন ছবিখনক লৈ উৎসুকতা বৃদ্ধি পাইছে দৰ্শকৰ মাজত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/Gully-Boy-with-a-crazy2.jpg)
মাত্ৰ ১.২৯ মিনিটৰ এই ট্ৰেইলাৰত অভিনেতা ৰণবীৰ সিঙে নিজেই ৰেপ গীত গাইছে। সম্পূৰ্ণ ভিডিঅ'টোত জীৱনৰ সংগ্ৰামৰ পৰা সফলতালৈ ডিভাইন আৰু নেইজীৰ যি যাত্ৰা, তাৰ এক আভাস দিয়া হৈছে। আৰু সম্পূৰ্ণ ট্ৰেইলাৰটোতে হিপ-হপ ষ্টাইলত ৰণবীৰে ৰেপ গীত গোৱা দেখা গোৱা গৈছে। ৰণবীৰে গোৱা হিন্দী ৰেপ ছংগটো এইটো-
''খড়া হু কেছে মে' অৱ য়ে না পুছনা
দৰদ শ্বায়েৰী মে' তুঝক' ছাহিয়ে চবুট ক্যা,
শিখৰ য়ে ছোচ পৰ জুৰা হু মে জমিন চে
য়কিন না তোমকো, মগৰ মে আয়া হু য়কিন চে,
লাখ নফৰতে হো ছাথ মা কা প্যাৰ হে
হঁচি ওছকি জিত মেৰি, কেছে জাও হাৰ মে',
কাট দো জুবা, মে আছু অ' চে গাওংগা
গাৰ দৌ বীজ হু মে ফিৰ চে পেড় বন হী জাওংগা,
দিল জব টুটা তব হিপ-হ'প মেৰে সাথ থা
ওজালে মিলনে মে মেৰে হা ৰাত কা হি হাথ থা,
কলাকাৰ মে হা কল কো আকাৰ দু
য়হি হে মেৰা ধৰম, মেৰি দুসৰি কয়ি জাত না,
মা হে ৰব্ মেৰি, গলী হে মেৰি মাছুকা
লড়কা এৰা মে, ঝুকানে পৰভি না ঝুকা,
শুন ৰহে জ' মুঝকো বেচুমাৰ প্যাৰ ওনছে
বনাতা গীত মে, পৰ মে খুদ হি বনা হু তুমছে,
গৌৰ কৰ ল' মেৰি বাত পে তুম ধ্যান দ'
নেন' কো মে নম কৰো, ছুকুন দেতা কাণ ক',
চিল্লাঅ' জোৰ চে, ওথাঅ' অপনে হাথ তুম
অচলি হিপ-হপ সে মিলায়ে হিন্দুস্তান কো,
হিন্দুস্তান কো, হাঁজি হিন্দুস্তান কো
অচলি হিপ-হপ সে মিলায়ে হিন্দুস্তান কো….
(গলী বয়')''
১৪ জানুৱাৰী, ২০১৯ত ছবিগৃহত মুক্তি পাবলগীয়া 'গলী বয়' ছবিখনৰ ইউটিউবত আপলোড কৰা ট্ৰেইলাৰটো-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us