/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/meri-gully-main-ranbir.jpg)
ডিজিটেল ডেস্কঃ বলিউদ জগতত ভৰি ৰখাৰে পৰা নতুন নতুন চৰিত্ৰত অভিনয় কৰি দৰ্শকক নিজৰ ছবি চাবলৈ এক প্ৰকাৰে বাধ্য কৰা অভিনেতা ৰণবীৰ সিঙৰ ভেলেন্টাইন ডে'ৰ দিনা মুকলি পালে এখন নতুন হিন্দী ছবি। 'গলি বয়' নামৰ নতুন হিন্দী ছবিখনত হিন্দী ৰেপাৰ (হিপহপ গায়ক)ৰ ৰূপত অভিনয় কৰা ৰণবীৰক চাবলৈ দৰ্শক বহু সময়ৰে পৰা অপেক্ষাত আছিল। আৰু অৱশেষত বৃহস্পতিবাৰে ছবিগৃহত মুক্তি পায় ছবিখন।
সুখ্যাত হিপহপ গায়ক ডিভাইন আৰু নেইজীৰ জীৱনৰ ওপৰত ভিত্তি কৰি 'লাক বাই চাঞ্চ', জিন্দগী না মিলেগী দ'বাৰা', 'বোম্বাই টকীছ', 'টালাছ' আদি ছুপাৰহীট ছবিৰ পৰিচালনা কৰা জয়া আখতাৰে 'গলি বয়' ছবিখনৰ পৰিচালনা কৰে। দৰ্শকক এক ব্যতিক্ৰম ছবিৰ আমোদ দি অহা জয়া আখতাৰৰ ছবিখনত অভিনয় কৰিছে ৰণবীৰ সিঙৰ লগতে অভিনেত্ৰী আলিয়া ভটে।
ইফালে, হিপহপ গায়ক ডিভাইন আৰু নেইজীৰ জীৱনৰ প্ৰকৃত ঘটনাবোৰ ছবিখনত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। নেইজীৰ চৰিত্ৰত অভিনয় কৰা ৰণবীৰ সিঙে এই ছবিখনত প্ৰথমবাৰৰ বাবে ৰেপ ছং অৰ্থাৎ হিপহপ গান গাইছে। তাৰোপৰি ছবিখনত দেখুওৱা হৈছে ৰণবীৰ আৰু আলিয়াৰ লাভ ষ্টৰী। আলিয়াই ৰণবীৰক লৈ কিমান চিন্তিত তথা অন্য যুৱতীৰ সৈতে কথা পাতিলে কোন পৰ্যায়লৈ যাব পাৰে তাৰ কিছু আভাস দৰ্শকে ছবিখনৰ ট্ৰেইলাৰতো দেখিবলৈ পাইছে।
'গলি বয়'ৰ ট্ৰেইলাৰটো-
অৱশ্যে বৰ্তমানলৈ ছবিখনে বৃহস্পতিবাৰে অন্তিম প্ৰদৰ্শনী বাকী থকাৰ বাবে প্ৰথম দিনটোত ছবিখনে কিমান উপাৰ্জন কৰিলে তাক সঠিকভাৱে জানিব পৰা হোৱা নাই যদিও, আনুমানিক ১২-১৫ কোটি টকা উপাৰ্জন কৰিব। প্ৰায় ৩০ কোটি টকা বাজেটৰ গলি বয় ছবিখনে যে ছবিগৃহত এক আকৰ্ষণীয় পৰিমানৰ উপাৰ্জন কৰিব সেয়া নিশ্চিত হৈ পৰিছে। তদুপৰি, ভেলেন্টাইন দিনটোত মুক্তি পোৱা ছবিখন চাবলৈ দৰ্শকে ছবিগৃহৰ বাহিৰত ভিৰ কৰাও পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, দুগৰাকী হিপহপ গায়কৰ জীৱন ভিত্তিত নিৰ্মাণ কৰা ছবিখনত আছে মুঠ ১৮টাকৈ গীত। ছুপাৰহিট হোৱা গীত কেইটাৰ মুঠ ৮টা গীতত কণ্ঠদান কৰিছে। ৰণবীৰক এক ব্যতিক্ৰম ৰূপত আৰু অভিনেতাগৰাকীৰ কন্ঠদান কৰা এই গীত কেইটায়ো বহু দৰ্শক ছবিখনৰ চাবলৈ আকৰ্ষিত কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us