এইবাৰ চলমান খানৰ বিয়া!

এইবাৰ চলমান খানৰ বিয়া!

author-image
asomiyapratidin
New Update
এইবাৰ চলমান খানৰ বিয়া!

ডিজিটেল ডেস্কঃ বলিউদৰ ভাইজান চলমান খান। যোৱা বৰ্ষৰ ২৭ ডিচেম্বৰত চলমানে ভৰি দিছে ৫৩ বছৰ বয়সত। বলিউদ-হলিউদৰ কেইবাগৰাকীও নায়িকাৰ সৈতে চলমানৰ নাম সাঙুৰ খাই পৰাৰ পাছতো চলমানৰ মুখত আজিলৈকে বিয়াৰ কথা শুনিবলৈ পোৱা নাই। সংবাদমাধ্যমেও এই সন্দৰ্ভত অভিনেতাজনক যদি কিবা প্ৰশ্ন কৰে তেন্তে তেনে প্ৰশ্নৰ পৰা কৌশলী উত্তৰ দিয়ে অভিনেতাজনে।

শেহতীয়াকৈ চলমানৰ নাম সাঙুৰ খাইছিল অভিনেত্ৰী কেটৰীণা কাঈফৰ সৈতে। কিছুদিন ধৰি এই সম্পৰ্কক লৈ চৰ্চা চলি থকাৰ সময়তে কেটৰীণাই ৰণবীৰ কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিলে। ইয়াৰ পাছতে কেটৰীণা আৰু চলমানৰ মাজত আহিল দুৰত্ব। কিন্তু ৰণবীৰ-কেটৰীণাৰ সম্পৰ্ক বেছিদিন নিটিকিল।

ৰণবীৰৰ সৈতে সৰ্ম্পক শেষ কৰাৰ পাছতে কেটৰীণা আৰু চলমানৰ কথাা পুণৰ চৰ্চালৈ আহিছিল। শেহতীয়াকৈ কেটৰীণাৰ এটা সাক্ষাৎকাৰত এগৰাকী অনুৰাগীয়ে কেটৰীণাক অনুৰোধ কৰিলে যে- আপুনি চলমানৰ সৈতে বিয়া পাতি লওক। অনুৰাগী গৰাকীৰ এই প্ৰশ্নৰ উত্তৰত লাজকুৰীয়াভাৱে কেটৰীণাই উত্তৰ দিলে-' এই সন্দৰ্ভত মই একো নাজানো। আচলতে এনে সিদ্ধান্তৰ বাবে দুজন মানুহৰ সন্মতিৰ প্ৰয়োজন। যদি মই কোনোবা ভাল মানুহ বিচাৰি পাও,তেন্তে মই নিশ্চয় বিয়াত বহিম।'

কেটৰীণাৰ এই উত্তৰক লৈ ছচিয়েল মিডিয়াত চলিছে এতিয়া ব্যাপক চৰ্চা। কোনো কোনোৱে মন্তব্য কৰিছে যে-' আওপকীয়াকৈ কেটৰীণাই চলমানক দিছে গ্ৰীণ চিগনেল।' উল্লেখ্য যে, ৪ বছৰৰ কেটৰীণা-চলমান ৰিলেছন শ্বীপত থকাৰ পাছত ২০০৯ চনত বিচ্ছেদ হৈছিল বুলিও সেই সময়ত এক চৰ্চা চলিছিল