/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/deepika-new-movie-chapak.jpg)
ডিজিটেল ডেস্কঃ বলিউদৰ আগশাৰীৰ অভিনেত্ৰী দীপিকা পাডুকনে ৰণবীৰ সিঙৰ লগত বিবাহপাশত আৱদ্ধ হোৱা পাছৰ প্ৰথমখন ছবিৰ কাম হাতত লৈছে। দীপিকা পাডুকনে মেঘনা গুলজাৰ হিন্দী ছবি 'ছপাক'ত মুখ্য চৰিত্ৰত অভিনয় কৰিব। ছবিখনৰ প্ৰথমখন পোষ্টাৰ ইতিমধ্যে মুকলি কৰা হৈছে।
এচিড আক্ৰমণত পাছত এগৰাকী যুৱতীৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰিব লগা এই ছবিখনত দীপিক পাডুকনে অভিনয় কৰিব। দীপিক পাডুকনে প্ৰথমবাৰৰ বাবে পৰিচালক মেঘনা গুলজাৰৰ সৈতে কাম কৰিব। দীপিকাই ছবিখনত মালতী নামৰ চৰিত্ৰত অভিনয় কৰিব। 'ছপাক' ছবিখন এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হ'ব।
ইফালে, দীপিকা পাডুকনে টুইটাৰত 'ছপাক' ছবিখনৰ প্ৰথমখন পোষ্টাৰ আপলোড কৰিছে। য'ত দীপিকাই লিখিছে- 'এই চৰিত্ৰটো সদায় মোৰ জীৱনৰ সৈতে জড়িত থাকিব। আজি ছবিখনৰ শ্বুটিং আৰম্ভ হৈছে। ছবিখন ১০ জানুৱাৰী, ২০২০ত মুক্তি পাব।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us