দীপিকাৰ জন্মদিনত কি উপহাৰ দিলে ৰণবীৰে?

দীপিকাৰ জন্মদিনত কি উপহাৰ দিলে ৰণবীৰে?

author-image
asomiyapratidin
New Update
দীপিকাৰ জন্মদিনত কি উপহাৰ দিলে ৰণবীৰে?

ডিজিটেল ডেস্কঃ বলিউদত 'ওম শান্তি ওম'ৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰি বৰ্তমান সমগ্ৰ ভাৰতৰে এগৰাকী প্ৰভাৱশালী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰা দীপিকা পাডুকণৰ আজি জন্মদিন। ৩৩ বছৰত ভৰি দিলে দীপিকাই। কিছুদিনৰ পূৰ্বে অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা দীপিকাই জন্মদিন উদযাপন কৰিব কলম্বৌত।

স্বামী ৰণবীৰৰ সৈতে জন্মদিন পালন কৰিব দীপিকাই। ২০১৮ বৰ্ষৰ ফৰ্বছ আলোচনীত দেশৰ সবাতোকৈ ধনী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে দীপিকাই। এখন ছবিৰ বাবদ ১০ কোটিৰো অধিক ধন লোৱা দীপিকাই ২০১৮ বৰ্ষত উৰ্পাজন কৰিছে মুঠ ১১২.৮ কোটি টকা। জন্মদিনৰ শুভমুৰ্হূতত দীপিকাই ছচিয়েল মিডিয়াত জনাইছে বিবাহৰ পাছত এই প্ৰথম জন্মদিনটোত ৰণবীৰেই হৈছে তেওৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ।