বিতৰ্কত ‘দ্য’ এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ’, অনুপম খেৰৰ লগতে ১৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

বিতৰ্কত ‘দ্য’ এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ’, অনুপম খেৰৰ লগতে ১৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

author-image
asomiyapratidin
New Update
বিতৰ্কত ‘দ্য’ এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ’, অনুপম খেৰৰ লগতে ১৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আদালতৰ

ডিজিটেল ডেস্কঃ ১১ জানুৱাৰীত মুক্তি পাবলগা চৰ্চিত ছবি দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰৰ মুখ্য অভিনেতা অনুপম খেৰৰ লগতে অন্য ১৩ গৰাকী লোকৰ বিৰুদ্ধে মুজাফ্ফৰপুৰৰ এখন স্থানীয় আদালতে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ আদালতে অধিবক্তা সুধীৰ ওজাৰ আবেদনৰ শুনানি গ্ৰহণ কৰাৰ পিছতে মঙলবাৰে এই নিৰ্দেশ জাৰি কৰে৷

উল্লেখ্য যে, এসময়ত ড০ মনমোহন সিঙৰ প্ৰেছ উপদেষ্টা সঞ্জয় বাৰুৰ একে নামৰ গ্ৰন্থখনৰ আধাৰত নিৰ্মাণ কৰা দ্য' এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ নামৰ ছবিখনৰ ট্ৰেইলৰ মুক্তি পোৱাৰ পিছতে ছবিখনে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু দেশৰ সামগ্ৰিক প্ৰতিচ্ছৱি বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰি ছবিখনৰ কলা-কুশলী আৰু নিৰ্মাতাৰ বিৰুদ্ধে এক আবেদন দাখিল কৰিছিল অধিবক্তা সুধীৰ ওজাই৷ বিজপিয়ে চক্ৰান্ত কৰি এই ছবিখনৰ জৰিয়তে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ চৰিত্ৰক বিকৃত কৰাৰ চেষ্টা অভিযোগ কৰি ছবিখনৰ মুক্তি খাৰিজ কৰিবলৈ দাবী জনাইছিল অধিবক্তাগৰকীয়ে৷

ইয়াৰ পিছতে মঙলবাৰে শুনানি গ্ৰহণ কৰি আদালতে ছবিখনৰ মুখ্য চৰিত্ৰ অৰ্থাৎ ড০ মনমোহন সিঙৰ চৰিত্ৰত অভিনয় কৰা অনুপম খেৰ আৰু আন ১৩ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে৷ আনহাতে এই ছবিখনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়তো আবেদন দাখিল কৰিছে অধিবক্তা পূজা মহাজনে৷ বিতৰ্কিত ছবিখন 'প্ৰপ'গেণ্ডা ফিল্ম' আখ্যা দিছে কংগ্ৰেছে৷