/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/52952629_10219042479918606_1709037752743362560_n.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত চলচ্চিত্ৰম ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰ দেওবাৰে সামৰণি পৰে। অন্তিম দিনা দিনৰ ৩ বজাত জ্যোতি চিত্ৰবন প্ৰাংগণত প্ৰতিযোগিতাৰ বঁটা সমূহ প্ৰদান কৰা হয়। শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে নাচিকৰ ডঃ নীলেশ আম্বেদকাৰে। তেওঁৰ 'বনবাস' নামৰ ছবিৰ বাবে লাভ কৰে এই সন্মান।
বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে জুৰি-'গণ্ডী' ছবিৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত স্বৰ্ণকমল লাভ কৰা আৰু 'এস্কেপ ফ্ৰম তালিবান' ছবিৰে আন্তৰ্জাতিক খ্যাতি লাভ কৰা পৰিচালক, প্ৰযোজক উজ্জ্বল চেটাৰ্জী আৰু চলচ্চিত্ৰ সমালোচক, চলচ্চিত্ৰ সমালোচকৰ সৰ্বভাৰতীয় সংগঠন 'ফিল্ম ক্ৰিটিক চাৰ্কল অব ইণ্ডিয়া"ৰ প্ৰতিষ্ঠাপক সম্পাদক ডল্টন ক্ৰিষ্টোফাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/282a1275-6810-42e6-8d20-352ef253b8ad.jpg)
তাৰ পাছতেই মহোৎসৱৰ সামৰণি ছবি হিচাপে প্ৰদৰ্শন কৰা হয় প্ৰখ্যাত পৰিচালক জয়ৰাজৰ 'ওট্টাল'। এই অনুষ্ঠানটিত উপস্থিত থাকে এসময়ৰ অভিনেত্ৰী তথা বৰ্তমান বিধায়ক আঙুৰলতা ডেকা আৰু অভিনেত্ৰী আইমী বৰুৱা। তেওঁলোকে এই অনুষ্ঠানত অংশ লৈ এনে অনুষ্ঠানে ৰাজ্যৰ নতুন ছবি নিৰ্মাতা সকলক উপকৃত কৰিব বুুলি মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us