/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/budget_uri.jpg)
ডিজিটেল ডেস্কঃ বক্স অফিচত চুপাৰ হিট হ'ল হিন্দী ছবি 'উৰি'। মুক্তিৰ ২০ টা দিনৰ অন্তত ছবিখনে মুঠ উপাৰ্জন কৰিলে ১৬৭ কোটিৰো অধিক ধন। কেৱল বক্স অফিচতে নহয় দেশ-বিদেশৰ ছবি সমালোচক সকলৰ পৰাও ছবিখনে ইতিমধ্যে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা বিকী কুশলেও এই ছবিখনৰ পাছতে কেইবাখনো ছবিত অভিনয়ৰ বাবে নিমন্ত্ৰণ লাভ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/110492-qnmqetlumz-1547397837.jpeg)
এই সকলোবোৰ সাফল্য লাভ কৰাৰ পাছত এইবাৰ ছবিখনে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে শুকুৰবাৰে সংসদৰ বাজেট অধিবেশনত। শুকুৰবাৰে সংসদত কেন্দ্ৰীয় বাজেটৰ ভাষণৰ মাজতে তদানীন্তন বিত্তমন্ত্ৰী পিয়ুজ গোৱেলে দেশৰ মনোৰঞ্জন জগতলৈ আগবঢ়োৱা বিভিন্ন সা-সুবিধা ঘোষণা কৰাৰ সময়ত ছবিখনক লৈ ক'লে 'কিছুদিনৰ পূৰ্বে মই হিন্দী ছবি উৰি চালো, ছবিখন চাই আপ্লুত হ'লো, ছবিখনত সেনা সকলৰ উদ্যম যিদৰে প্ৰদৰ্শন কৰা হৈছে সেয়া সচাঁই অতিকৈ আকৰ্ষণীয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/piyush-goyal.jpg)
ছবিখনৰ প্ৰশংসা শুনি উৰি ছবিত অভিনয় কৰা সাংসদ পৰেশ ৰাৱলে এটি হাঁহি মাৰি বিত্তমন্ত্ৰীজনক ধন্যবাদ জনালে। বিত্তমন্ত্ৰীজনে লগতে সংসদত কয় ' আমি ছবি সমূহ চাব লাগে , এই উদ্যোগৰ পৰাই বহুলোকে সংস্থাপন লাভ কৰিছে। লগতে মন্ত্ৰীজনে পাইৰেছী সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন ঘোষণাও সদনত উল্লেখ কৰে। উল্লেখ্য যে, 'উৰি' ছবিখন ২০১৬ চনৰ ছাৰ্জিকেল ষ্ট্ৰাইকৰ পটভূমিত নিৰ্মাণ কৰা এখন ছবি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us