হাতত ধনু লৈ কাক লক্ষ্য কৰি চলমানে এৰিলে কাঁড়, চাওক VIDEO

হাতত ধনু লৈ কাক লক্ষ্য কৰি চলমানে এৰিলে কাঁড়, চাওক VIDEO

author-image
asomiyapratidin
New Update
হাতত ধনু লৈ কাক লক্ষ্য কৰি চলমানে এৰিলে কাঁড়, চাওক VIDEO

ডিজিটেল ডেস্কঃ বলিউদৰ ভাইজান চলমান খানৰ ছবি সমূহে বক্স অফিচত খলকনি তোলাতো একো নতুন কথা নহয়। ইয়াৰ বাহিৰেও চলমান খান বিভিন্ন ঘটনাৰ বাবে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে। এইবাৰ চলমান চৰ্চালৈ আহিছে অন্য এক কাৰণত। নিজৰ এক প্ৰতিভাৰ বাবে চলমানে এইবাৰ খলকনি তুলিছে ছচিয়েল মিডিয়াত।

কি ফেচবুক, কি টুইটাৰ সকলোতে ভাইৰেল চলমানৰ এটা ভিডিঅ। দৰাচলতে চলমান এইকেইদিন ব্যস্ত আছে আহিবলগীয়া ছবি 'ভাৰত'ৰ শ্বুটিংত। শ্বুটিংৰ মাজতে চলমানে হাতত ধনু-কাঁড় লৈ ব্যস্ত হ'ল আৰ্চাৰী খেলত । আচৰিতভাৱে চলমানৰ এই কাঁড় ভেদেগৈ সঠিক লক্ষ্যস্থলত। চাওক এই ভিডিঅ'টো ।

আচলতে চলমানৰ আৰ্চাৰী খেলৰ প্ৰতি আছে বিশেষ ৰাপ। আৰু এই ক্ষেত্ৰত বহুখিনি পাৰ্গত অভিনেতাজন। উল্লেখ্য যে, চলমান বৰ্তমান ব্যস্ত থকা 'ভাৰত' ছবিখন মুক্তি পাব ২০১৯ৰ ৫ জুনত ।