/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/021c6a02-5667-45be-91e3-63b1fbde75e8.jpg)
ডিজিটেল ডেস্কঃ এসময়ত বলিউদত দপদপাই থকা অভিনেত্ৰী বিপাশা বসু। সুৰ্দীঘ ৪ বছৰৰ ধৰি ছবিজগতৰ পৰা আতৰি আছে বিপাশা। ২০১৬ চনৰ ৩০ এপ্ৰিলত অভিনেতা কৰণ সিঙ গ্ৰৌবৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা বিপাশা ২০১৫ চনৰ পৰা ৰূপালী পৰ্দাত দেখা পোৱা নাই অনুৰাগীসকলে।
কিন্তু অপেক্ষাৰ অন্ত পেলাই অচিৰেই ৰূপালী পৰ্দাত একেলগে দেখা যাব বিপাশা আৰু স্বামী কৰণক। আহিবলগীয়া ছবি 'আদত'ত একেলগে দেখা যাব এই এই যুঁটিক। এই ছবিখনৰ প্ৰযোজক কন্ঠশিল্পী মীকা সিঙ। ভূষণ পেটেলে পৰিচালনা কৰিবলগীয়া এই ছবিখনত বিপাশা-কৰণৰ সৈতে দেখা যাব নতাশা চুৰী আৰু সোনালী ৰাওটক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us