আহি আছে ‘বাপ অফ অল ফিল্ম’

author-image
Asomiya Pratidin
New Update
আহি আছে ‘বাপ অফ অল ফিল্ম’

Baap of all film first look

ডিজিটেল ডেস্ক :বলীউডী ছবি প্ৰেমী সকললৈ সুখবৰ। হয়,বলীউডৰ চাৰি ছুপাৰষ্টাৰ মিথুন চক্ৰৱৰ্তী, জেকী শ্ৰফ, সঞ্জয় দত্ত আৰু ছানী দেউলক পোন প্ৰথমবাৰৰ বাবে দৰ্শকে দেখিবলৈ পাব একেখন ছবিতে।ছবিখনৰ নাম ‘বাপ অফ অল ফিল্ম’।

Advertisment

শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ ‘ফাৰ্ষ্ট লুক’ য়ে ইতিমধ্যেই দৰ্শকৰ দৃষ্টি আৰ্কষণ কৰিবলৈ সক্ষম হৈছে।চলিত বৰ্ষৰ জুনৰ পৰা দৃশ্যগ্ৰহণ আৰম্ভ হোৱা ছবিখন পৰিচালনা কৰিছে বিবেক চৌহানে।

জি ষ্টুডিঅ’ৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে এহমদ খান আৰু ছাইৰা এহমদ খানে।কমেডী তথা একছনধৰ্মী এই ছবিখনত আটাইকেইজন অভিনেতাকেই দৰ্শকে এক নতুন ৰূপত দেখিবলৈ পাব।

আগন্তুক বৰ্ষৰ প্ৰথমতেই ছবিখনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে।

baap of all film mithoon chakravarty