প্ৰেমে নামানে বয়সৰ বাধা! দুই এদিনতে বিয়া মালাইকা-অৰ্জুনৰ

প্ৰেমে নামানে বয়সৰ বাধা! দুই এদিনতে বিয়া মালাইকা-অৰ্জুনৰ

author-image
asomiyapratidin
New Update
প্ৰেমে নামানে বয়সৰ বাধা! দুই এদিনতে বিয়া মালাইকা-অৰ্জুনৰ

ডিজিটেল ডেস্কঃ বলীউডত প্ৰেমৰ ধুমুহা বলিছে। বিগত কিছুদিনত হিন্দী ছবিজগত কেইবাগৰাকীও মোহময়ী অভিনেতা আৰু অভিনেত্ৰীৰ মাজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে চৰ্চা চলিছে। আনহাতে দীপিকা-ৰণবীৰ আৰু প্ৰিয়ংকা-নিকৰ দৰে প্ৰেমিক প্ৰেমিকাই বিবাহৰ দিন স্থিৰ কৰি যুগ্ম জীৱনৰ পাতনি মেলাৰ বাবে প্ৰস্তুতি চলোৱাৰ বাতৰিয়েও ছ'চিয়েল মিডিয়াৰ লগতে সংবাদ মাধ্যমত সৰৱ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ পুনৰ এক প্ৰেমিক যুগলে বৈবাহিক জীৱনৰ পাতনি মেলিবলৈ স্থিৰ কৰাৰ বাতৰিয়ে তেওঁলোকৰ অনুৰাগীসকলৰ মাজত উৎসুকতা বৃ্দ্ধি কৰিছে।

Advertisment

হয়, ক'ব বিচৰা হৈছে বলীউডৰ হেণ্ডচাম হিৰ' অৰ্জুন কাপুৰ আৰু আইটেম গাৰ্ল খ্যাত মালাইকা আৰোৰাৰ প্ৰেমৰ সম্পৰ্কৰ কথা। অভিনেতা, পৰিচালক আৰবাজ খানৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতে অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল অৰ্জুন কাপুৰতকৈ প্ৰায় ১৭ বছৰে ডাঙৰ মালাইকা আৰোৰাৰ। কিন্তু প্ৰেমে নামানে বয়সৰ বাধা। সেই কথা প্ৰমাণিত কৰি ইটালীত মালাইকাৰ জন্মদিন পালন কৰি উভতাৰ সময়ত বিমান বন্দৰত হাতে হাত ধৰি একেলগে দেখা গৈছিল অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাক। আনহাতে মালাইকাৰ জন্মদিনত অৰ্জুনে এখন বিলাসী গাড়ী উপহাৰ দিয়া বুুলিও সৰৱ আলোচনা চলিছিল।

'ইণ্ডিয়া গ'ট টেলেন্ট-৮'ৰ মঞ্চৰ পৰাই অনুৰাগীৰ দৃষ্টিগোচৰ হোৱা অৰ্জুন-মালাইকাৰ প্ৰেমে এতিয়া বিবাহৰ ৰূপ ল'ব বুলি চৰ্চা চলিছে। ৰণবীৰ-দীপিকা আৰু প্ৰিয়ংকা-নিকৰ দৰেই দুই এদিনৰ ভিতৰতে অৰ্জুন-মালাইকাইও বিবাহৰ তাৰিখ ঘোষণা কৰিব বুলি ইতিমধ্যে বলীউডৰ সূত্ৰই প্ৰকাশ কৰিছে। সকলো ঠিকে থাকিলে অহা বছৰৰ প্ৰথমৰ ফালে দুই চেলিব্ৰেটীয়ে যুগ্ম জীৱনৰ আৰম্ভ কৰিব বুলিও জানিব পৰা গৈছে।

এই বতৰা ছ'চিয়েল মিডিয়া আৰু সংবাদ মাধ্যম যোগে ভাইৰেল হোৱাৰ পিছতে ৫০ বৰ্ষীয় মালাইকা আৰু ৩৩ বৰ্ষীয় অৰ্জুনৰ বিবাহখনৰ লৈ উৎসুকতাৰে বাট চাই ৰৈছে অনুৰাগীসকলে।