/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/707e12ef-5836-4e54-8392-f44070d24198.jpg)
ডিজিটেল ডেস্কঃ কেইবা বছৰজোৰা প্ৰেমৰ অন্তত বিবাহপাশত আৱদ্ধ হৈছিল বিৰাট-অনুষ্কা। স্বামী ক্ৰিকেট জগতত আৰু পত্নী ব্যস্ত বলিউদত। দুয়ো ভীষণ ব্যস্ত,কিন্তু তাৰমাজতে ইজনে-সিজনৰ বাবে উলিয়ায় সময়। অষ্ট্ৰেলিয়া-ভাৰতৰ মাজত এদিনীয়া শৃংখলা চলি থকাৰ উপৰিও সমাগত বিশ্বকাপ। বুধবাৰৰ শেষৰখনৰ এদিনীয়া খেলাৰ অন্তত আইপিএল আৰু তাৰ পাছতে ইংলেণ্ডলৈ উৰা মাৰিব ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী। ঠিক সেইদৰে বলিউদত কেইবাখনো ছবিৰ শ্বুটিঙত ব্যস্ত অনুষ্কা। এই ব্যস্ততাৰ মাজতে বিৰাট-অনুষ্কাই একেলগে কটোৱা এটা ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ'টো ২০১৯ৰ জানুৱাৰী মাহৰে,যি সময়ত বিৰাট-অনুষ্কাই সময় কটাইছিল নিউজিলেণ্ডত।
https://www.instagram.com/p/Bu6t3A1nO4i/?utm_source=ig_web_copy_link
ভিডিঅ'টোত দেখা গৈছে অনুষ্কাই তীব্ৰ বেগত চলাইছে ইলেক্টনিক এখন নাও। কাষতে আছে স্বামী বিৰাট। পত্মীয়ে তীব্ৰবেগত নাও চলোৱা দেখি হাঁহি হাঁহি সেই দৃশ্য উপভোগ কৰিছে বিৰাটে। উল্লেখ্য যে, ২০১৭ চনৰ ১১ ডিচেম্বৰত সম্পন্ন হৈছিল বিৰাট-অনুষ্কাৰ বিবাহ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us