‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’- অট’ চালকেৰে বাৰ্তালাপ অনুপম খেৰৰ, চাওঁক VIDEO

‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’- অট’ চালকেৰে বাৰ্তালাপ অনুপম খেৰৰ, চাওঁক VIDEO

author-image
asomiyapratidin
New Update
‘দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ’- অট’ চালকেৰে বাৰ্তালাপ অনুপম খেৰৰ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ অনুপম খেৰ অভিনীত 'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ' ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰ পাছৰে পৰা খলকনী উঠিছে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে আৰু চিনেমা জগততো। কিন্তু ছবিখনৰ মুক্তিক লৈ কিছু অসুবিধাও দেখা দিছে। সেয়েহে অভিনেতা অনুপম খেৰে ছবিখনক লৈ সাধাৰণ ৰাইজৰ মতামত জানিবলৈ নিজেই ওলাই যায় পথলৈ।

সাধাৰণতে ছ'চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা অনুপম খেৰে এজন অট' চালকক এই ছবিখনৰ বিষয়ে সোধে আৰু ইয়াৰে এটা ভিডিঅ' ম'বাইলত ৰেকৰ্ড কৰে। তাৰপাছত এই ভিডিঅ'টো আপলোড কৰে নিজৰ ইনষ্টাগ্ৰামৰ একাউণ্টত। যিটো ভিডিঅ' চোৱাৰ পাছত আপুনিও আচৰিত হৈ পৰিব।

'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ'ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল ইউটিউবত। কিন্তু ট্ৰেইলাৰটো আতৰোৱা হয় ইউটিউবৰ পৰা। ইয়াক লৈ সৰৱ হৈ পৰিছিল অভিনেতাগৰাকী। এতিয়া পুনৰ অনুপম খেৰে অভিনয় কৰা ছবিখনৰ বিষয়ে অট' চালকজনৰ সৈতে কৰা বাৰ্তালাপৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত আপলোড দিয়াৰ পাছত সৃষ্টি হৈছে বিতৰ্কৰ।

ইনষ্টাগ্ৰামত অনুপম খেৰে এই ভিডিঅ' আপলোড দি লগতে লিখিছে- 'আমাৰ দেশৰ সৰ্বসাধাৰণ ৰাজনৈতিক ক্ষেত্ৰখনৰ ক্ষেত্ৰত বহুত সতৰ্ক। আজি পুৱাই অট'ত যাত্ৰা কৰিলো। 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ' ছবিখনক লৈ সৰ্বসাধাৰণৰ অনুভৱ জানিবলৈ প্ৰয়াস কৰিছিলো। বীজ প্ৰজাপতি নামৰ অট' চালকজন আৰু মোৰ মাজত ছবিখনক লৈ হোৱা বাৰ্তালাপ শুনক।'

২০১৯ৰ অতিকৈ অপেক্ষিত ছবি 'দ্য এক্সিডেন্টেল প্ৰাইম মিনিষ্টাৰ'ৰ ট্ৰেইলাৰ ২৭ ডিচেম্বৰত মুক্তি দিয়া হৈছিল। আৰু এই ছবিখন ভাৰতীয় নীতি বিশ্লেষক সঞ্জয় বাৰুৱে লিখা 'দ্য এক্সিডেণ্টেল প্ৰাইম মিনিষ্টাৰ' কিতাপখনৰ ওপৰত আধাৰিত। এই কিতাপখন লেখকগৰাকীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জীৱনত সংঘটিত হোৱা ঘটনাবোৰৰ ওপৰত ভিত্তি কৰি লিখিছিল। আৰু বৰ্তমান হন্সল মেহটাই এই কিতাপখনৰ আধাৰত নিৰ্মাণ কৰিছে এই ছবিখন। উল্লেখ্য যে, এই ছবিখন চলিত বৰ্ষৰ ১১ জানুৱাৰীত ভাৰতৰ ছবিগৃহসমূহত মুক্তি দিয়া হ'ব। আৰু ছবিখনক লৈ আশাবাদী অভিনেতা অনুপম খেৰ।