অমিতাভ বচ্চনক লাগে চাকৰি, শ্বাহৰুখ খানে ক’লে- পালে মোকো ক’ব ছাৰ…

অমিতাভ বচ্চনক লাগে চাকৰি, শ্বাহৰুখ খানে ক’লে- পালে মোকো ক’ব ছাৰ…

author-image
asomiyapratidin
New Update
অমিতাভ বচ্চনক লাগে চাকৰি, শ্বাহৰুখ খানে ক’লে- পালে মোকো ক’ব ছাৰ…

ডিজিটেল ডেস্কঃ অমিতাভ বচ্চনক চাকৰি লাগে। টুইটাৰৰ হেণ্ডেলত বিগ বিয়ে টুইট কৰিছে এই কথা। টি৩১১২ হৈ গ'ল। এতিয়া চাকৰি ক'ত? ৫০ বছৰে সুধি আহিছো এয়া। শুকুৰবাৰে মুক্তি পোৱা 'বদলা' ছবিখনক লৈ এইদৰে প্ৰচাৰ চলাইছে বিগ বিয়ে। ছবিখনত অভিনেতাগৰাকীয়ে জোৰদাৰ অভিনয় কৰিছে। বিগ বিয়ে দিয়া টুইটটো এইটো-

এই ছবিখন মুক্তি পোৱাৰ দিনাই দৰ্শকে ব্যাপকভাৱে সঁহাৰি জনাইছে। টুইটৰ প্ৰত্যুত্তৰত আনকি শ্বাহৰুখ খানেও মন্তব্য কৰিছে। শ্বাহৰুখ খানে কৈছে- ছাৰ, যদি পাই মোকো ক'বচোন।

ইয়াৰ প্ৰত্যুত্তৰ দিয়াত বিগ বিয়েও দেৰি নকৰিলে। কিং খানক উত্তৰ দি বিগ বিয়ে লিখিলে- একেলগে কাম কৰাৰ মোৰ তাত এটা উপায় আছে। উল্লেখযোগ্য যে, এই ছবিখনত অমিতাভ বচ্চনে অধিবক্তাৰ চৰিত্ৰ ৰূপায়ন কৰিছে। এই ছবিখনৰ নায়িকা তাপছীৰ সৈতে অমিতাভ বচ্চনে পূৰ্বে 'পিংক'ত অভিনয় কৰিছিল।