এইবাৰ ডিজিটেল মঞ্চত ভৰি দিব অক্ষয় কুমাৰে!

এইবাৰ ডিজিটেল মঞ্চত ভৰি দিব অক্ষয় কুমাৰে!

author-image
asomiyapratidin
New Update
এইবাৰ ডিজিটেল মঞ্চত ভৰি দিব অক্ষয় কুমাৰে!

ডিজিটেল ডেস্কঃ বৰ্তমানৰ আধুনিক যুগত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ডিজিটেল মঞ্চখনে। দেশৰ নৱপ্ৰজন্মৰ লগতে বলিউদৰ বহু তাৰকাও ইয়াৰ সৈতে জড়িত হৈ পৰিছে। বলিউদৰ খিলাড়ী অক্ষয় কুমাৰেও এইবাৰ ভৰি দিব ডিজিটেল মঞ্চত।

ইফালে, নতুন হিন্দী ছবি 'কেশৰী'য়ে দৰ্শকৰ হৃদয় জিনিব বুলি আশা ব্যক্ত কৰিছে অভিনেতা অক্ষয় কুমাৰে। ছবিখনৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পাছতেই দৰ্শকে এতিয়া অপেক্ষা কৰিছে ছবিগৃহত এই ছবিখন চাবলৈ। ইয়াৰ লগতে অক্ষয় কুমাৰ ৱেব ছিৰিজটো অভিনয় কৰাৰ সম্ভাৱনা দেখা দিছে।

উল্লেখ্য যে, অক্ষয় কুমাৰে সদায় নৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণা স্বৰূপ। আৰু অক্ষয়েও নৱপ্ৰজন্মৰ পৰা বহু কথা শিকিবলৈ চেষ্টা কৰে। সেয়েহে অভিনেতাগৰাকীয়ে নিজৰ প্ৰথমখন ৱেব ছিৰিজ কৰিবলৈ আগ্ৰহী বুলি জনায়। অক্ষয় কুমাৰে লগতে জনায় যে- 'মই মোৰ পুত্ৰ আৰৱৰ পৰা প্ৰেৰণা পাওঁ। আৰৱে মোক কৈছিল ৱেব ছিৰিজৰ জগতখনৰ সৈতে জড়িত হ'ব লাগে বুলি। আৰৱ মোৰ শিক্ষক, মই তাৰ পৰা শিকিবলৈ চেষ্টা কৰো, সেয়েহে মই এই সিদ্ধান্ত ল'লো।'

লগতে অক্ষয় কুমাৰে এই ৱেব ছিৰিজৰ সন্দৰ্ভত বেছি কথা জনোৱা নাই যদিও তেওঁ কয় যে- এই ৱেব ছিৰিজত যথেষ্ট একচন দেখিবলৈ পাব দৰ্শকে। এই ৱেব ছিৰিজৰ শোভাৰম্ভণি অনু্ষ্ঠানত অক্ষয় কুমাৰে জুইৰ সৈতে ষ্টান্ট কৰে।