/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/ajay-devgn-total-dhml-neww-face-f.jpg)
ডিজিটেল ডেস্কঃ অভিনেতা অজয় দেৱগানৰ নতুন হিন্দী ছবি 'টোটেল ধামাল' মুক্তি নাপায় পাকিস্তানত। ১৮ ফেব্ৰুৱাৰীত দিনৰ প্ৰায় ১২.২০ বজাত অভিনেতাগৰাকীয়ে ঘোষণা কৰে এই কথা। টুইটাৰযোগে অজয় দেৱগানে এই কথা জনায়। ১৪ ফেব্ৰুৱাৰী আৰু ১৮ ফেব্ৰুৱাৰীত পাক সন্ত্ৰাসবাদীয়ে পুলৱামাত ভাৰতীয় জোৱান ওপৰত চলোৱা আক্ৰমণক কেন্দ্ৰ কৰি এই ঘোষণা কৰে অভিনেতাগৰাকীয়ে।
সোমবাৰে অভিনেতা অজয় দেৱগানে টুইটাৰত লিখে- 'দেশৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 'টোটেল ধামাল' টীমে সিদ্ধান্ত লৈছে যে, ছবিখন পাকিস্তানত মুক্তি দিয়া নহ'ব।' ছবিখন অভিনয় কৰা আনগৰাকী তাৰকা অভিনেতা ৰিতেশ দেশমুখেও এই সন্দৰ্ভত টুইট কৰি কয় একেই কথা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/jay-ttl-dhml-tweet-face-fgh.jpg)
ইফালে, ভাৰতত ফেডাৰেশ্যন অৱ ৱেষ্টাৰ্ণ ইণ্ডিয়া চিনে এমপ্ল'ইজে (এফ ডব্লিউ আই চি ই) দেওবাৰে ঘোষণা কৰে যে- ছবি নিৰ্মাতাসকলক পুলৱামাৰ ঘটনাৰ পাছত পাকিস্তানত ছবি মুক্তি দিয়াৰ অনুমতি প্ৰদান কৰা নহ'ব। উল্লেখ্য যে, মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত, অভিনেতা অনিল কাপুৰ, বোমান ইৰানী আৰু বহু আন তাৰকাই অভিনয় কৰা 'টোটেল ধামাল' অহা ২২ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিগৃহসমূহত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us