/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/PTI2_14_2019_000179B.jpg)
ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্ব কপাঁই যোৱা পুলৱামাৰ সন্ত্ৰাসবাদীৰ সেই বৰ্বৰ আক্ৰমণত দেশৰ ৪৪ জনকৈ জোৱান নিহত হোৱাৰ বিষাদ বৰ্তমানেও দেশবাসীৰ অন্তৰৰ পৰা আতৰা নাই। এই আক্ৰমণৰ পাছতে ভাৰত-পাকিস্তানৰ সৰ্ম্পক অধিক অৱনতি ঘটিছিল। শেহতীয়াকৈ এক খবৰ আহিছে যে পুলৱামা এই আক্ৰমণক লৈ অচিৰেই নিৰ্মাণ হ'ব এখন ছবি। বলিউদৰ এই ছবিখনৰ নিৰ্মাণৰ কাম অতি সোনকালেই আৰম্ভ হ'ব বুলিও এক সূত্ৰই জনাইছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/hindi/sites/default/files/2019/03/20/360212-ishan.jpg)
প্ৰাপ্ত খবৰ অনুসৰি, এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব হিন্দী ছবি 'ধড়ক'ৰ জৰিয়তে বলিউদত খোজ পেলোৱা অভিনেতা ঈষান খট্টৰে। ছবিখন নিৰ্মাণ কৰিব অভিষেক কাপুৰে। অতিসোনকালেই এই ছবিখনত অভিনয় কৰিবলগীয়া অভিনেতা-অভিনেত্ৰীসকলৰ নাম ৰাজহুৱা কৰা হ'ব। উল্লেখ্য যে, সংবাদমাধ্যমৰ সন্মুখত ঈষান খট্টৰে এই ছবিখনৰ সন্দৰ্ভত কোনো মন্তব্য এতিয়ালৈকে দিয়া নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us