চাৰি সন্তানৰ পিতৃ ধৰ্মেন্দ্ৰৰ প্ৰেমত কিয় পৰিছিল হেমা মালিনী ?

দীৰ্ঘদিন চিকিৎসাধীন হৈ থাকি অৱশেষত ২৪ নৱেম্বৰত পৃথিৱীৰ পৰা বিদায় ল'লে বলীউডৰ ‘হি-মেন’ ধৰ্মেন্দ্ৰয়ে।  ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী কিংবদন্তি অভিনেতাই দশক দশক ধৰি বলীউডত ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল।

author-image
সংগীতা দাস
New Update
ধৰ্মেন্দ্ৰ seo (1)

ডিজিটেল ডেস্ক: দীৰ্ঘদিন চিকিৎসাধীন হৈ থাকি অৱশেষত ২৪ নৱেম্বৰত পৃথিৱীৰ পৰা বিদায় ল'লে বলীউডৰ হি-মেন’ ধৰ্মেন্দ্ৰয়ে।  ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা এইগৰাকী কিংবদন্তি অভিনেতাই দশক দশক ধৰি বলীউডত ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল। অভিনয়ৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত জীৱনটোও সদায় চৰ্চাত আছিল। ১৯৮০ চনত 'ড্ৰীম গাৰ্ল' হেমা মালিনীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ধৰ্মেন্দ্ৰই প্ৰকাশ কৌৰৰ সৈতে ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছিল। ছানী দেওল, ববী দেউল, অজেইতা আৰু বিজেতা প্ৰকাশ কৌৰ আৰু ধৰ্মেন্দ্ৰৰ সন্তান। ইফালে, ঈশা দেউল আৰু আহনা দেউল হেমা মালিনী আৰু ধৰ্মেন্দ্ৰৰ কন্যা। 

পূৰ্বৰ পত্নী থকাৰ পাছতো ধৰ্মেন্দ্ৰৰ সৈতে কিদৰে জীৱনটো আগবঢ়াই নিয়াৰ সিদ্ধান্ত ল’লে, সেই সন্দৰ্ভত অৱশ্যে এদিন স্পষ্টকৈ কৈছিল সহধৰ্মিনী হেমা মালিনীয়ে। বহু দিনৰ আগতে এক সাক্ষাৎকাৰত তেওঁ কৈছিল, 'প্ৰথমবাৰ দেখোতেই মই তেওঁৰ প্ৰেমত পৰিছিলো। সঁচাকৈ ক’বলৈ গ’লে, ইমান ধুনীয়া মানুহ মই আগতে দেখা নাছিলো। তেওঁ ব্যতিক্ৰম আছিল। ইয়াৰ অৰ্থ এইটো নহয় যে মই তেওঁৰ সৈতে বিয়া হ’বলৈ বিচাৰিছিলো। পিছতহে মই তেওঁক ইমান প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছিলো। তেওঁও মোৰ প্ৰতি আকৰ্ষিত আছিল। মই নহ'লে তেওঁ একো কৰিব পৰা নাছিল। এটা সময় এনে আহিছিল, যেতিয়া মই তেওঁক কৈছিলো আপুনি মোক বিয়া পাতি লওঁক। নহ’লে আপুনি জীৱনত আগবাঢ়ি যাব নোৱাৰিব। আচলতে তেওঁৰ প্ৰেম মোৰ বাবে সকলো আছিল। তেওঁ অতীত, তেওঁৰ পৰিচয়, তেওঁৰ সম্পত্তি, সেইবোৰৰ মোহ মোৰ নাছিল। মই জানিছিলো অলপ সমস্যা হ'ব, কিন্তু তেওঁৰ পৰা মই আৰু একো আশা কৰা নাছিলো। মই মাত্ৰ কিছু মৰম বিচাৰিছিলো আৰু সেয়াই হৈছিল।'

অভিনেত্ৰীগৰাকীয়ে নিজৰ জীৱনী ‘হেমা মালিনী: বিয়ণ্ড দ্য ড্ৰিম গাৰ্ল’ত উল্লেখ কৰা মতে, ‘মই কাকো অশান্তি দিব বিচৰা নাছিলো। ধৰমজীয়ে মোৰ আৰু মোৰ ছোৱালী দুজনীৰ বাবে যি কৰিলে, তাতেই মই সুখী। মই জানিছিলো যে মানুহে মোৰ পিঠিৰ পিছফালে মোৰ বিষয়ে আলোচনা কৰে। মই মাত্ৰ জানিছিলো যে তেওঁ মোক সুখী কৰিছিল আৰু মই মাত্ৰ সুখ বিচাৰিছিলো।’

উল্লেখ্য যে, ধৰ্মেন্দ্ৰৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো হেমা মালিনীয়ে পৃথকে বসবাস কৰিছিল। অৱশ্যে প্ৰয়োজন হ’লে ধৰ্মেন্দ্ৰই তেওঁ আৰু তেওঁলোকৰ কন্যাৰ ওচৰত সদায় উপস্থিত আছিল।