সাজু থাকক, আপোনাক হঁহুৱাবলৈ আকৌ আহি আছে ধামাল…

সাজু থাকক, আপোনাক হঁহুৱাবলৈ আকৌ আহি আছে ধামাল…

author-image
asomiyapratidin
New Update
সাজু থাকক, আপোনাক হঁহুৱাবলৈ আকৌ আহি আছে ধামাল…

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় তিনি তাৰকা অজয় দেৱগণ, অনিল কাপুৰ আৰু মাধুৰী দিক্ষীত, এওলোকে যদি কোনো ছবি কৰিম বুলি মন বান্ধে তেনেহলে ছবিৰ কাম লেহেমীয়া হ'ব কেনেকৈ! এই তিনি তাৰকাৰ অভিনীত ছবি 'টটেল ধামাল' ছবি গৃহলৈ আহিব অহা ২২ ফেব্ৰুৱাৰীত।ইতিমধ্যে মুক্তি পোৱা ছবিখনৰ ট্ৰেইলাৰটোও দৰ্শকে আদৰি লৈছে।

দৰ্শকৰ এই সহাঁৰি প্ৰতি লক্ষ্য ৰাখিয়েই মঙলবাৰে ছবিখনৰ এটি গীতৰ ভিডিঅ' মুকলি কৰা হয়। ভিডিঅ'টোৰ মুক্তিৰ লগে লগেই প্ৰত্যক্ষ কৰিছে ৪ মিলিয়নৰো অধিক দৰ্শকে। উল্লেখ্য যে, এই ছবিখনত ১৮ বছৰৰ বিৰতিৰ মূৰত একেলগে দেখা যাব অনিল কাপুৰ আৰু মাধুৰী দীক্ষিতক। 'টটেল ধামাল' হৈছে হিন্দী ছবি ধামালৰ তৃতীয় সংস্কৰণ। আন দুখন ছবিৰ দৰেই এই ছবিখনেও দৰ্শকক অধিক হহোঁৱাব বুলি সংবাদ মাধ্যমক জনাইছে ছবিখনৰ পৰিচালকে।