দুৰ্ঘটনাত নিহত দুই শিশুৰ আত্মাই কৰে আমনি! উপায়বিহীন হৈ আত্মহননৰ পথ বাচি ল’লে ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। ১৮ বছৰীয়া এজন ইঞ্জিনিয়াৰিঙৰ ছাত্ৰই বাচি লয় আত্মহননৰ পথ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ছাত্ৰজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

ঘটনাৰ তদন্তত আৰক্ষীয়ে উদ্ধাৰ কৰে ছাত্ৰজনে মৃত্যুৰ আগতে লিখি থৈ যোৱা এখন ছুইচাইড নোট। পিছে নোটখন পঢ়ি হতভম্ব হৈ পৰে আৰক্ষী আৰু ছাত্ৰজনৰ পৰিয়াল। কাৰণ নোটখনত উল্লখ কৰা হৈছিল এক আশ্চৰ্যকৰ ঘটনা।

ছাত্ৰজনে লিখিছিল যে, দুমাহ পূৰ্বে ছাত্ৰজনৰ সন্মুখত সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা। সেই দুৰ্ঘটনাটোত নিহত হৈছিল দুটি শিশু। সেই মৃত শিশু দুটিৰ আত্মাই প্ৰায়ে মাতে ছাত্ৰজনক। সেয়ে কোনো উপায় বিচাৰি নাপায় অৱশেষত ছাত্ৰজনে বাচি লৈছিল আত্মহত্যাৰ পথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in