বিহাৰত মৃত্যু হোৱা শিশুৰ সংখ্যা ১১৩জনলৈ বৃদ্ধি

বিহাৰত মৃত্যু হোৱা শিশুৰ সংখ্যা ১১৩জনলৈ বৃদ্ধি

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফৰপুৰত অব্যাহত আছে মৃত্যুৰ বিভিষীকা। ৰাজ্যখনত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা বৃদ্ধি পালে ১১৩ জনলৈ। ইফালে মাত্ৰ মুজাফাৰপুৰতে মৃত্যু হৈছে ৯৬ টা শিশু। ইয়াৰ লগতে বৈশালীত ১২ টা শিশু, মতিহাৰি আৰু বেগুচৰাইত দুটাকৈ শিশুৰ মৃত্যু হৈছে। যাক কেন্দ্ৰ কৰি অব্যাহত আছে উত্তেজনাৰ।

কোনো কোনো ৰোগীৰ আত্মীয়াই হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ আনি চিকিৎসা কৰাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে। শ্ৰী কৃষ্ণ মেডিকেল কলেজ হাস্পতালত দেওবাৰে পুনৰ ভৰ্তি কৰা হৈছে ১৩ টা শিশু। ইফালে এইকেইটা শিশুৰো ৩ শিশুৱে হেৰুৱাব লগা হৈছে প্ৰাণ। চৰকাৰৰ তৰফৰ পৰাও ৰোগীসকলৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া বুলি জানিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in