১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে চলিব ৰাজ্যৰ ১০৮ আৰু ১০২ সেৱা

 ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে চলিব ৰাজ্যৰ ১০৮ আৰু ১০২ সেৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ১ অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে চলিব ৰাজ্যৰ জৰুৰীকালীন সেৱা। লগতে গুজৰাটৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা পাব অসমৰ কৰ্মচাৰীয়ে। ১০৮ আৰু ১০২ কৰ্মচাৰীসকলৰ সৈতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ অন্তত শুকুৰবাৰে লোৱা হয় এই সিদ্ধান্ত।

শনিবাৰৰ পৰা নিয়মীয়াকৈ চলিব ১০৮ আৰু ১০২ সেৱা। উল্লেখ্য যে, জি ভি কে আৰু ই এম আৰ আইৰ সৈতে ১০৮ আৰু ১০২ কৰ্মচাৰীৰ মতবিৰোধৰ বাবে দীৰ্ঘদিন ধৰি কৰা প্ৰতিবাদৰ অংশস্বৰূপে বন্ধ আছিল ৰাজ্যৰ জৰুৰীকালীন সেৱা। যাৰ পৰিপ্ৰেক্ষিতত বহু অসুবিধাৰ সন্মুখীন হৈছিল সাধাৰণ ৰাইজ।

পিছে স্বাস্থ্যমন্ত্ৰীৰে জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীৰ আলোচনাৰ পাছত এতিয়া দূৰ হোৱাৰ পথত এই সমস্যা। ইফালে আন্দোলনৰ সময়চোৱাত কৰ্ম সম্পাদন নকৰা কৰ্মচাৰী সকলৰ কৰ্তন নহয় দৰমহা। আন্দোলনৰ সময়চোৱাত থানালৈ যাবলগীয়া হোৱা কৰ্মচাৰীসকলৰ বিৰুদ্ধেও চৰকাৰে নলয় কোনো ব্যৱস্থা।

ৰোগী, আত্মীয়ক কৰ্মচাৰীসকলে দুৰ্ব্যৱহাৰ কৰা সন্দৰ্ভতো দীৰ্ঘদিন ধৰি যি অভিযোগ উত্থাপিত হৈ আহিছিল সেই সম্পর্কে চৰকাৰে ল'ব কঠোৰ ব্যৱস্থা। শুকুৰবাৰৰ বৈঠকৰ অন্তত এই কথা জনাই স্বাস্থ্যমন্ত্ৰীজনে।

জি ভি কে আৰু ই এম আৰ আই কৰ্মচাৰী সকলো উপস্থিত থকা বৈঠকখনত বিভিন্ন বিষয় আলোচনা কৰে দুয়ো পক্ষই।শুকুৰবাৰৰ বৈঠকৰ অন্তত দুয়োপক্ষই ইতিবাচক এটি সিদ্ধান্তত উপনীত হয় বুলিও জনায় উপস্থিত কৰ্মচাৰীসকলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in