/asomiyapratidin/media/media_files/2026/02/09/whatsapp-ima-2026-02-09-19-28-37.jpeg)
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক সাফল্য। ৪ দিন ধৰি সাগৰত সাঁতুৰি ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে এলভিছ আলী হাজৰিকাই। এই ইতিহাস ৰচিবলৈ মুঠ সময়ৰ প্ৰয়োজন হয় ৮০ ঘণ্টা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/whatsapp-imag-2026-02-09-19-28-53.jpeg)
উল্লেখ্য যে, এলভিছ আলী হাজৰিকাই বিভিন্ন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ ১৯৮৯ চনত সাত বছৰ বয়সত চাব-জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰত ৰূপৰ পদক লাভ কৰিছিল। ১৯৯২ চনত চীনত অনুষ্ঠিত এছিয়া-পেচিফিক আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদক জয় কৰা প্ৰথম ভাৰতীয় পুৰুষ সাঁতোৰবিদ আছিল এলভিছ আলী হাজৰিকা ।১৯৯৪ চনৰ এছিয়ান চুইমিং প্ৰতিযোগিতাত দুটা স্বৰ্ণসহ ছয়টা পদক জয় কৰি অভিলেখো গঢ়াৰ সমান্তৰালকৈ তেওঁ ইংলিছ চেনেল সাঁতুৰি অভিলেখ গঢ়িছিল।
এইখিনিতে উল্লেখ কৰিব লাগিব যে- এলভিছ আলী হাজৰিকাৰ এই দুঃসাহসিক সাঁতোৰ অভিযান ৬ ফেব্ৰুৱাৰীৰ পুৱা আৰম্ভ হৈ ৯ ফেব্ৰুৱাৰীৰ আবেলি সামৰণি পৰে। লগতে তেওঁ কয় যে- এই অভিযানৰ সময়ছোৱাত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো।সাঁতোৰাৰ সময়ত জেলিফিছৰ মুখামুখি হ'বলগীয়া হৈছিল। যিয়ে সাঁতোৰাত অধিক প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছিল। শুব আৰু খাবলৈও সুবিধা পোৱা নাছিলো। কিছুমান মুহূর্তত ভয় আৰু ভাগৰে আগুৰি ধৰিলেও মনোবল নেহেৰুৱাকৈ সাঁতোৰ অব্যাহত ৰাখিছিলো। অভিযানটো অত্যন্ত কষ্টকৰ আছিল যদিও সফলতাই মনত আনন্দ দিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/09/fcjhrgtjgjk-2026-02-09-19-29-31.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us