কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য

কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ডিজিটেল সংবাদ, তামুলপুৰঃ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ পৰ্বলৈ মাজত আৰু মাত্ৰ এটা দিন বাকী থকা অৱস্থাত অতি আকৰ্ষণীয় হৈ উঠিছে কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী পৰিবেশ।

উল্লেখযোগ্য যে, জনজাতিয় লোকৰ বাবে সংৰক্ষিত এই সমষ্টিটোত সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু অবড়ো সুৰক্ষা সমিতিৰ মনোনীত প্ৰাৰ্থী বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়া, হাগ্ৰামা মহিলাৰী নেতৃত্বধীন বিপিএফ দলৰ মনোনীত তথা বিজেপি-অগপৰ সভৰ্থিত প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম, ইউপিপিলৰ মনোনীত প্ৰাৰ্থী ইউ জি ব্ৰহ্ম, কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভা, চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা, পূৰ্বাঞ্চল জনতা প্ৰাৰ্থীৰ চৰেণ ইচ্চৰি, তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী কমলাকান্ত দৈমাৰীকে ধৰি ৯ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।

ইতিমধ্যে প্ৰতিটো দল-সংগঠনে নিজৰ মনোনীত প্ৰাৰ্থী গৰাকীক জয়ী কৰাবলৈ উঠি পৰি লাগিছে। অৱশ্যে প্ৰমিলা ৰাণী ব্ৰহ্ম, নৱ কুমাৰ শৰণীয়া, ইউ জি ব্ৰহ্ম আৰু শব্দ ৰাম ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য তুংগত উঠিছে। দেওবাৰে প্ৰচাৰ কাৰ্যাৰ অন্তিম দিনাও এই চাৰিগৰাকী প্ৰাৰ্থীৰ সমৰ্থকসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে।

উল্লেখযোগ্য যে, অতি আকৰ্ষণীয় পৰ্যায়ত উপনীত হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিটোত গোসাঁইগাও, পূৱ কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ, বিজনী, চিদলী, সৰভোগ, ভবানীপুৰ, তামুলপুৰ, বৰমা আৰু চাপাগুৰি বিধানসভা সমষ্টিৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। সমষ্টিটোত ১৭৬৫৪২৩ গৰাকী ভোটাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in