আকাশত ওলাল ঈদৰ জোনঃ আজি পবিত্ৰ ঈদ-উল-ফিতৰ…

আকাশত ওলাল ঈদৰ জোনঃ আজি পবিত্ৰ ঈদ-উল-ফিতৰ…

ডিজিটেল ডেস্কঃ আকাশত লাহে লাহে প্ৰত্যক্ষ হৈছে ঈদৰ জোন, আৰু মাত্ৰ কেইটামাত্ৰ মূৰ্হূতৰ পাছতেই সমগ্ৰ দেশত উদযাপন হ'ব পৱিত্ৰ ঈদ-উল-ফিতৰ। কোৰোনাৰ সংকটৰ মাজতে ঈদ-উল-ফিতৰৰ ইছলামধৰ্মী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উল্লাস পৰিলক্ষিত হৈছে। জামা মছজিদৰ শ্বাহী ইমান চৈয়দ আহমদ বুখাৰীয়ে সদৰি কৰিছে যে, আকাশত ইতিমধ্যে প্ৰত্যক্ষ হৈছে ঈদৰ জোন, ২৫মে'ত সমগ্ৰ দেশে উদযাপন কৰিব ঈদ।

উল্লেখ্য যে, চাউদী আৰব, ডুবাইকে ধৰি কেইবাখনো দেশে ইতিমধ্যে উদযাপন কৰিছে ঈদ-উল-ফিতৰ। কিন্তু ইয়াৰ পৰিৰ্ৱতে ভাৰতত ২৪মে'তহে আকাশত ঈদৰ জোন প্ৰত্যক্ষ কৰা হৈছে আৰু ২৫ মে'ত ইছলামধৰ্মী লোকসকলে উদযাপন কৰিব ঈদ-উল-ফিতৰ। ভাৰতৰ কেৰালা আৰু জম্মু-কাশ্মীৰত শনিবাৰেই প্ৰত্যক্ষ কৰা হয় ঈদৰ জোন। এই ৰাজ্য দুখনত দেওবাৰেই উদযাপিত হৈছে ঈদ।

প্ৰতিধান যোগ্য যে, এই বৰ্ষত কোৰোনাই সৃষ্টি কৰা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ধৰ্মীয়স্থানত ইছলামধৰ্মী লোকসকলক গোট নাখাবলৈ আহ্বান কৰা হৈছে। সেয়েহে ইতিমধ্যে সমগ্ৰ দেশত প্ৰায় সকলো মছজিদে এইবাৰৰ সমূহীয়া নামাজৰ অনুষ্ঠান বাতিল কৰিছে। সংকটৰ এই সময়ত শংকিত নহৈ ঘৰতে থাকি ঈদৰ সকলো নীতি-নিয়ম সূচাৰুৰূপে পালন কৰাৰ আহ্বানেৰে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ তৰফৰ পৰাও সকলোলৈ ঈদৰ শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in