RGU ত ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ আসন গ্ৰহণ অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ

অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত প্ৰখ্যাত পণ্ডিত, চিন্তাবিদ অধ্যাপক ড০ অমৰজ্যোতি চৌধুৰীয়ে ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিত এমেৰিটাছ প্ৰফেচাৰ হিচাপে যোগদান কৰে।

author-image
Asomiya Pratidin
New Update
RGU ত ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ আসন গ্ৰহণ অধ্যাপক অমৰজ্যোতি চৌধুৰীৰ

ডিজিটেল সংবাদ গুৱাহাটীঃ  ৰাজ্য আৰু দেশৰ সমান্তৰাল ভাৱে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ আৰম্ভণি উপলক্ষে আজি অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিত এক ঐতিহাসিক আৰু আৱেগিক ভাৱে অনুৰণনশীল অধ্যায়ৰ সূচনা হ’ল, য’ত প্ৰখ্যাত পণ্ডিত, বিজ্ঞানী, শিল্পী আৰু দূৰদৰ্শী চিন্তাবিদ অধ্যাপক (ড০) অমৰজ্যোতি চৌধুৰীয়ে ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিত এমেৰিটাছ প্ৰফেচাৰ হিচাপে যোগদান কৰে। এই উপলক্ষে ড০ হাজৰিকাৰ প্ৰতি মনপৰশা শ্ৰদ্ধাঞ্জলি যাচি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে  “এটা গান শেষ হ’ল”কবিতাটি আবৃত্তি কৰি অনুষ্ঠানটোৰ তাৎপৰ্য্য গভীৰ ভাৱে বৃদ্ধি কৰে।

Advertisment

কেন্দ্ৰটো উদ্বোধন কৰি অধ্যাপক অমৰজ্যোতি চৌধুৰীয়ে কয়, “আমাৰ অন্যতম শ্ৰেষ্ঠ সাংস্কৃতিক কণ্ঠস্বৰ—ভূপেন হাজৰিকাৰ নাম বহন কৰা কেন্দ্ৰ এটাৰ নেতৃত্ব দিবলৈ পাই মই যথেষ্ট সুখী আৰু অনুপ্ৰাণিত। সৃষ্টিশীলতাক সকলো ৰূপতে জগাই তোলা আৰু  শিক্ষাই যাতে হৃদয় আৰু সৃষ্টিশীলতাৰ ভাষা বহণ কৰে সেয়াই আমাৰ আহ্বান।“

অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ আৰু আসাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই কয় যে ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিয়ে সংগীত, শিল্প, সংস্কৃতি, সাহিত্য, বিজ্ঞান, দৰ্শন, সামাজিক মতাদৰ্শ আৰু বহন ক্ষমতাক একত্ৰিত কৰি উদ্ভাৱন আৰু কল্পনাৰ এক সজীৱ অনুষ্ঠান হিচাপে কাম কৰিব।

এই উপলক্ষে সম্বোধন কৰি অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ আচাৰ্য ড০ এ কে পানছাৰীয়ে কয়, “বিজ্ঞান, সাহিত্য, দৰ্শন আৰু কলাৰ ক্ষেত্ৰ সমূহক নিৰৱচ্ছিন্নভাৱে সেতু বন্ধন কৰিবলৈ বিৰল মনবোৰৰ মাজত থিয় দিয়া অধ্যাপক চৌধুৰীয়ে নিজৰ লগত লৈ আহিছে অভিজ্ঞতা আৰু অন্তৰ্দৃষ্টিৰ এক অতুলনীয় গভীৰতা। তেওঁ এই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি বিশ্ববিদ্যালয়খন তথা অসমৰ বৃহত্তৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে এক গৌৰৱোজ্জল অধ্যায় ৰচনা কৰিলে"।

আৰ জি ইউৰ অধ্যক্ষ (শৈক্ষিক)  অধ্যাপক অলক কুমাৰ বুঢ়াগোহাঁইয়ে কয়, “ড০ ভূপেন হাজৰিকা চেণ্টাৰ ফৰ ক্ৰিয়েটিভিটিৰ উদ্ধোধন আৰু ড০ অমৰজ্যোতি চৌধুৰীৰ নিযুক্তিয়ে অসম ৰয়েল গ্লোবেল ইউনিভাৰ্ছিটিৰ সমাজৰ প্রতি থকা দায়বদ্ধতাকেই প্ৰকাশ কৰিছে। কল্পনা, সৃষ্টিশীলতা আৰু সমালোচনাত্মক চিন্তাধাৰাৰে লিবৰেল আৰ্টছ শিক্ষাক উন্নীত কৰাই হল ড০ ভূপেন হাজৰিকা চেন্টাৰ ফৰ ক্রিয়েতিভিটিৰ মুখ্য উদ্দেশ্য”।

অসম তথা বিশ্বই ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে সাজু হোৱাৰ সময়ত লোৱা এই পদক্ষেপে অসম ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিক সমাজৰ অধিক ওচৰলৈ লৈ গৈছে। এই অৰ্থপূৰ্ণ যাত্ৰাৰ নেতৃত্ব গ্ৰহণ কৰাৰ বাবে অধ্যাপক চৌধুৰীৰ প্ৰতি বিশ্ববিদ্যালয়খনে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী, শিল্পী, চিন্তাবিদসকলক এই নতুন অধ্যায়ৰ অংশহ’বলৈ আমন্ত্ৰণ জনাইছে।

ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি