/asomiyapratidin/media/media_files/2025/11/08/1-2025-11-08-18-27-57.jpg)
ডিজিটেল সংবাদ,নগাঁওঃ নগাঁও আইন মহাবিদ্যালয়ৰ উদ্যোগত আজি দক্ষিণপাটত এক আইন সজাগতা শিবিৰ অনুষ্ঠিত হয়। এই উপলক্ষে দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সভাও অনুষ্ঠিত হয়।
স্থানীয় শিক্ষক ৰঞ্জিত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত নগাঁও আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুজাতা ভট্টাচাৰ্য, অধিবক্তা কল্পজ্যোতি বৰা, প্ৰবক্তা ত্ৰৈলোক্য হাজৰিকা আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে।
সভাত বক্তাসকলে আইন সজাগতাৰ প্ৰয়োজনীয়তা, বিভিন্ন আইনী সুবিধা, বিনামূলীয়া সেৱা আৰু আইনী সমস্যা সমাধানৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । দক্ষিণপাট অঞ্চলৰ অৰ্দ্ধশতাধিক লোক উপস্থিত থকা এই সভাখনত নগাঁও আইন মহাবিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰীও উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us