কটন বিশ্ববিদ্যালয়ত শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞালৈ শেষ শ্ৰদ্ধাঞ্জলি…

কটন বিশ্ববিদ্যালয়ত শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞালৈ শেষ শ্ৰদ্ধাঞ্জলি…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱা ইহ সংসাৰ ত্যাগ কৰিলে বিশিষ্ট শিক্ষাবিদ মহেশ চন্দ্ৰ ভূঞাই। কটন বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপ হিচাপ অধ্যাপনা কৰা প্ৰয়াত মহেশ চন্দ্ৰ ভূঞা আছিল গুৱাহাটী বিশ্বিবদ্যালয়ৰো পঞ্জীয়ক। শিক্ষাবিদগৰাকীৰ মৃত্যু ৰাজ্যৰ শৈক্ষিক মহলত গভীৰ শোকে বিৰাজ কৰিছে।

ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কটন বিশ্ববিদ্যালয়ৰ ৰাসায়ন বিজ্ঞান বিভাগৰ চৌহদত উপস্থিত হৈ শিক্ষাবিদগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শিক্ষামন্ত্ৰী পেগুৰ উপৰিও বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াত শিক্ষাবিদগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শিক্ষাবিদগৰাকীৰ মৃত্যুত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে, বিশিষ্ট শিক্ষাবিদ, কটন কলেজৰ ৰসায়ন বিভাগৰ প্ৰাক্তন অধ্যাপক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে দায়িত্ব পালন কৰা মহেশ চন্দ্ৰ ভূঞাৰ প্ৰয়াণত মৰ্মাহত হৈছোঁ। শিক্ষামন্ত্ৰী পেগুৱে মহেশ চন্দ্ৰ ভূঞাৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছে বুলিও উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in