চীনৰ আগ্ৰাসন…

চীনৰ আগ্ৰাসন…

ভাৰত আৰু চীনৰ মাজত চলি থকা সীমা সম্পর্কীয় বাদ-বিবাদৰ ক্ষেত্ৰত শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক দত্তৰৰ আনুষ্ঠানিক বিবৃতিয়ে এক নতুন মাত্রা প্রদান কৰিছে। যোৱা বৃহস্পতিবাৰে কেন্দ্রৰ বহিঃ পশ্চিমা বিভাগৰ মুখপাত্রই সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে সীমান্তৰ পূব লাডার অঞ্চলৰ শেখো ভুৰ সিপাৰৰ অধিকৃত ঠাইত চীনে দলৰ নির্মাণকার্য চলাই আছে। দৰাচলতে উক্ত অঞ্চলটো বিগত যাঠি বছৰ ধৰি চীনে অবৈধভাৱে দখল কৰি আছে। কিন্তু সমগ্র বিষয়টোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে আভ্যন্তৰীণ সুৰক্ষা আৰু অখগুতা নিশ্চিত কৰাৰ ব্যৱস্থা কৰিছে বুলিও বৈদেশিক দপ্তৱৰ তৰফৰ পৰা স্পষ্ট কৰা হৈছে। তাৎপর্যপূর্ণভাৱে অৰুণাচল প্রদেশৰ সীমান্ত অঞ্চলৰ কিছুমান ঠাইত বেইজিং প্রশাসনে বেদখল কৰাৰ চেষ্টা চলাই অহা সম্পৰ্ভত বিভিন্ন সংবাদ মাধ্যমযোগে সম্প্রচারিত বা বাতৰিয়ে দুয়োখন দেশৰ কূটনৈতিক সম্পর্ক তিক্ততাপূৰ্ণ কৰি তোলাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ এইধৰণৰ বিবৃতিয়ে বিষয়টো গুৰুত্ব বৃদ্ধি কৰিছে। এই কথা অনস্বীকার্য যে চীনৰ দ্বাৰা অধিকৃত অঞ্চলত ভাৰতৰ ফালৰ পৰা কাহানিও আগ্রাসন চলোৱাৰ নীতি অবলম্বন কৰা হোৱা নাই। বৰং চীন চৰকাৰেহে সময়ে সময়ে সম্প্ৰসাৰণবাদী কাম-কাজৰ ক্ষেত্ৰত সক্ৰিয়তা প্ৰদৰ্শন কৰি আহিছে। বিশেষকৈ পুব লাড়ায় আৰু অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত সদাহতে বেইজিং প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছিল। ইয়াৰ জৰিয়তে চীনে নতুন দিল্লীৰ ওপৰত কুটনৈতিক হেঁচা প্ৰয়োগ কৰি আহিছে। অৰুণাচল সীমান্তত চীনৰ এই হেঁচাৰ মূল উদ্দেশ্য হৈছে তিবৃতক লৈ আন্তঃৰাষ্ট্ৰীয় প্রতিবন্ধকতা আঁতৰ কৰি চীনৰ আধিপত্য প্রতিষ্ঠা কৰা। সেইদৰে পূব লাভাথ অঞ্চলত পিপলছ লিবাৰেচন আমিৰ সামৰিক কুচকাৱাজ বৃদ্ধি কৰি চীনে পাকিস্তানৰ সহায়ত ভাৰতৰ ওপৰত আন্তৰাষ্ট্ৰীয় চাপ সৃষ্টি কৰিব বিচাৰে। এক কথাত চীনৰ একমাত্র লক্ষ্য হৈছে দক্ষিণ-পূর্ব এছিয়াত বেইজিং প্ৰশাসনৰ অৰ্থনৈতিক আধিপত্য বিস্তাৰ কৰি নিজকে সর্বশক্তিমান ৰাষ্ট্ৰগোট হিচাপে চিনাকি দিয়া। এই কামফেবা কার্যকৰী কৰিবলৈ যাওঁতে চীনৰ সন্মুখত ভাৰতেই একমাত্র প্রত্যাহ্বান হিচাপে দেখা দিছে। ভাৰতক অস্বীকাৰ কৰি চীনে এছিয়াৰ নিজৰ আন্তঃৰাষ্ট্ৰীয় উদ্দেশ্য সফল কৰিব নোৱাৰে। সেইবাবেই নতুন দিল্লীক নানা চাপৰ মাজত ৰাখি চীনে আধিপত্যবাদী কর্মসূচী ৰূপায়ণ কৰাৰ নীতি অৱলম্বন করিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে ভাৰতৰ সৈতে চীন সমুখ সমৰত নামি পৰিব। বৰং তাৰ পৰিবৰ্তে কূটনৈতিক কৌশল কার্যকৰী কৰাৰ দিশতহে অধিক আগ্রহী বেইজিং প্রশাসন। এই মুহূৰ্তত চীনৰ প্রধান শত্রু হৈছে আমেৰিকা আৰু পাশ্চাত্যৰ পুঁজিবাদী ৰাষ্ট্ৰসমূহ। আমেৰিকাই চীনক বশ কৰিবৰ বাবেই অস্ট্রেলিয়া, জাপান, ইংলেণ্ড আদি শক্তিৰ লগত নানাধৰণৰ সামৰিক তথা কুটনৈতিক চুক্তিত আবদ্ধ হৈ পৰিছে। বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ক্ৰবৰ্ষমান আগ্ৰাসী ভূমিকাৰ সৈতে মোকাবিলা কৰিবলৈ মার্কিন যুক্তৰাষ্ট্ৰই বিভিন্ন কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে। আচল কথা হ'ল— আন্তঃৰাষ্ট্ৰীয় ব্যবসায়-বাণিজ্যৰ ক্ষেত্ৰখনত আমেৰিকাই চীনৰ আবিপত্যক প্রত্যাহ্বান জনাব বিচাৰে। ইয়াৰ বাবে আমেৰিকাত ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ সহায়-সহযোগিতাৰ অধিক প্রয়োজন হৈ পৰিছে। চীনেও সেই নিশত মধ্যপ্রাচ্য আৰু মধ্য এছিয়াৰ আন আন দেশৰ লগতে ৰাছিয়াৰ সৈতে বন্ধুত্বপূর্ণ সম্পর্ক সুদৃঢ় কৰিছে। গতিকে এনে প্ৰেক্ষাপটত ভাৰতৰ বাবে এক অতি কৌশলপূর্ণ তথা দূৰদৰ্শী কূটনীতিৰ আশ্রয় লোৱাৰ বাহিৰে গতান্তৰ নাই। ব্যৱসায়-বাণিজাৰ ক্ষেত্ৰত ভাৰতে চীনক সহজে নেওড়া দিব নোৱাৰে। চীনৰ লগত ভাৰতৰ বৃহৎ ব্যৱসায়িক লেনদেন চলি আছে। চীনৰ পৰা আমদানিকৃত সামগ্ৰীৰ ওপৰত ভাৰতৰ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰখন বহু পৰিমাণে নিৰ্ভৰশীল বুলি ক'লৈও ভুল নহয়। কিন্তু প্রশ্ন হৈছে তাৰবাবেই ভাবতে চীনৰ আগ্ৰাসনমূলক নীতিক সমর্থন জনাব লাগিব নেকি? নিশ্চয় তেনে কোনো কথা থাকিব নোৱাৰে। ভাৰতৰ দৰে শক্তিয়ে নিজব সীমান্ত অঞ্চলৰ সুৰক্ষাৰ বিষয়টো আন্তৰাষ্ট্ৰীয় ৰাজনৈতিক মঞ্চত মাল ৰূপত উপস্থাপন কৰিব লাগিব আৰু তাৰ লগে লগে ভুটান, বাংলাদেশ, শ্রীলংকা, পাকিস্তান, আফগানিস্তানৰ দৰে প্রতিবেশী ৰাষ্ট্ৰসমূহৰ লগত সৌহার্দ্যপূর্ণ সম্পর্ক বৰ্তাই ৰাখিব যাতে চীনে সেই বিষয়বোৰ নিজ স্বাৰ্থৰ অনুকূলে ব্যৱহাৰ কৰাৰ সুযোগ লাভ কৰিব নোৱাৰে। ভাৰতে বিশ্বৰ এনে শক্তিৰ লগত কূটনৈতিক বুজাবুজি সম্পন্ন কৰিব লাগিব, যাৰ দ্বাৰা চীনৰ ওপৰত চাপ সৃষ্টি কৰিব পৰা যায়। সদ্যহতে পূব লাড়ায় অঞ্চলত চীনৰ নির্মাণকার্য সম্পৰ্ভত বেইজিং বৈদেশিক দপ্তৰৰ তৰফৰ পৰা স্পষ্টীকৰণ দিয়া হৈছে। তেওঁলোকে নিজৰ ভৌগোলিক অথতা বজাই ৰাখিহে বিভিন্ন নির্মাণকাৰ্যৰ আন্তঃগাঁথনিগত কাম চলাই যোৱা বুলি প্ৰকাশ কৰিছে। এইক্ষেত্ৰত ভাৰত-চীন সীমান্তৰ শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত বেইজিং প্রশাসন বদ্ধপৰিকৰ বুলিও দোহৰা হৈছে। ইফালে দুয়োখন দেশৰ মাজত সামৰিক পৰ্যায়ৰ আলোচনা প্ৰক্ৰিয়াৰ ১৪ সংখ্যক বৈঠকখন অহা ১২ জানুৱাৰীত অনুষ্ঠিত হ'ব বুলিও চীন-ভাৰতৰ বৈদেশিক সূত্ৰই প্ৰকাশ কৰিছে। এই বৈঠকত দুয়োখন দেশৰ সামৰিক বাহিনীৰ কৰ্ণ-কমাণ্ডাৰ পৰ্যায়ৰ বিষয়াসকলে অংশ লৈ আহিছে। যোৱা অক্টোবৰ মাহত অনুষ্ঠিত এইলানি আলোচনাৰ ১৩ সংখ্যক বৈঠকত পূর্ব লাভাৰ অঞ্চলৰ সামৰিক আগ্রাসনক লৈ ভাৰতৰ তৰফৰ পৰা চীনৰ বিৰুদ্ধে শক্তিশালী স্থিতি লোৱা হৈছিল। কিন্তু চীনৰ ফালৰ পৰা ভাৰতৰ যুক্তিক অবাস্তব তথ্য অযুক্তিকৰ আখ্যা দিয়া হৈছিল। গতিকে দেখা গৈছে যে সীমান্ত বিবাদক লৈ বুয়ো শক্তিৰ মাজত আলোচনাৰ প্ৰক্ৰিয়া ক্রমান্বয়ে ত্বরান্বিত হৈছে। এই প্ৰক্ৰিয়াত ভাৰতৰ কূটনৈতিক দক্ষতাই চীনৰ আধিপত্যবাদী মানসিকতাক প্রত্যাহ্বান জনাব পৰাটোহে মূল বিষয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in